আন্তঃৰাষ্ট্ৰীয়খেলভাৰত

কিয় পি ভি সিন্ধুৰ সৈতে আইচক্ৰীম খাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

টকিঅ’ অলিম্পিকত স্থানপ্ৰাপ্ত খেলুৱৈসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ ভাৰ্চুৱেল বাৰ্তালাপ

মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টকিঅ’ অলিম্পিকত অংশগ্ৰহণ কৰিবলৈ যোৱা ভাৰতীয় খেলুৱৈসকলৰ সৈতে ভাৰ্চুৱেল বাৰ্তালাপ কৰে। খেলুৱৈসকলৰ সৈতে বিভিন্ন বিষয়ত বাৰ্তালাপ কৰাৰ পাছত আগন্তুক ক্ৰীড়া মহোৎসৱৰ বাবে তেওঁলোকক শুভকামনা জনায়।

এই বিশেষ বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰীয়ে মহিলা শ্বাটলাৰ পি ভি সিন্ধুক প্ৰশংসাৰে ভৰাই পেলাই, লগতে বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণপদক বিজয়ী শ্বাটলাৰ গৰাকীৰ সৈতে আইচক্ৰীম খোৱাৰো প্ৰতিশ্ৰুতি দিয়ে।

উল্লেখ্য যে, সিন্ধুৱে এক সাক্ষাৎকাৰত প্ৰকাশ কৰিছিল যে তেওঁৰ প্ৰশিক্ষক পুল্লেলা গোপীচান্দে তেওঁৰ মোবাইল ফোনটো কাঢ়ি লৈ গৈছিল আৰু ২০১৬ ৰিঅ’ অলিম্পিকৰ সময়ত আইচক্ৰীম খোৱাৰ পৰাও নিষিদ্ধ কৰিছিল। এই কথা মনত ৰাখিয়ে প্ৰধানমন্ত্ৰীয়ে খেলুৱৈগৰাকীৰ সৈতে আগন্তুক ক্ৰীড়া মহোৎসৱৰ পাছত আইচক্ৰীম খোৱাৰ প্ৰতিশ্ৰুতি দিয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

six + thirteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.