Socialঅপৰাধঅসম

Flipkartৰ ৰামঠগন, DSLR কেমেৰা অৰ্ডাৰ দি এতিয়া বিপদত পৰিল এইজন লোক

ভুক্তভোগী শিক্ষকজনে চক্ৰটোৰ লগত জড়িত লোকসকলক উচিত তদন্ত কৰি বা দৃষ্টান্তমূলক পদক্ষেপ ল'বলৈ প্ৰশাসনক অনুৰোধ জনাইছে

আপুনি অনলাইন মাধ্যমেৰে সামগ্ৰী ক্ৰয় কৰে যদি সাৱধান। সামগ্ৰী দিয়াৰ নামত আপোনাৰ টকাৰ সৈতে খেলিব পাৰে দুষ্কৃতিকাৰীয়ে। কিয়নো অনলাইন মাধ্যমত সামগ্ৰী অৰ্ডাৰ কৰি এতিয়া বিপদত পৰিছে জোনাইৰ এজন লোক।

কিছুদিন পূৰ্বে অনলাইন শ্বপিং ছাইট-Flipkartৰ পৰা এটা DSLR কেমেৰা অৰ্ডাৰ কৰিছিল জোনাইৰ ৰোৱাদ গাঁৱৰ শিক্ষক তথা সমাজকৰ্মী তুষেশ্বৰ মিৰি আগৰৱালাই। ব্যক্তিগতভাৱে ব্যৱহাৰ কৰিবৰ বাবে তুষেশ্বৰ মিৰি আগৰৱালাই অৰ্ডাৰ দিছিল এটা Canon EOS 3000D DSLR কেমেৰা।

শুকুৰবাৰে, জোনাইস্থিত ইনষ্ট্ৰাকাৰ্ড চাৰভিছ প্ৰাইভেট লিমিটডৰ এজন ডেলিভাৰী বয়ে তুষেশ্বৰ মিৰিৰ ঘৰত দি যায় কেমেৰা অহা পেকেটিং বক্সটো। কিন্তু পেকেট খুলি হতভম্ব হৈ পৰে শিক্ষকজন। কিয়নো আচৰিতভাৱে পেকেটটোত DSLR কেমেৰাৰ সলনি ওলাল তিনিটুকুৰা Pears চাবোন।

Flipkartৰ ৰামঠগন, DSLR কেমেৰা অৰ্ডাৰ দি এতিয়া বিপদত পৰিল এইজন লোক

প্ৰতিষ্ঠিত ব্যৱসায়িক কোম্পানী Flipkartয়ে গ্ৰাহকক কৰা এনে প্ৰতাৰণাৰ ফলত এতিয়া অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰI ইফালে ভুক্তভোগী শিক্ষকজনে চক্ৰটোৰ লগত জড়িত লোকসকলক উচিত তদন্ত কৰি বা দৃষ্টান্তমূলক পদক্ষেপ ল’বলৈ প্ৰশাসনক অনুৰোধ জনাইছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen + 16 =

Back to top button