Educationঅসমআঞ্চলিক

বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত হ’ব অসমৰ ৫ খন মহাবিদ্যালয়-ড০ হিমন্ত বিশ্ব শৰ্মা

উত্তৰ লখিমপুৰ মহাবিদ্যালয়, নগাঁও মহাবিদ্যালয়, যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়, শিৱসাগৰ মহাবিদ্যালয়, সন্দিকৈ মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হ'ব

ৰাষ্ট্ৰীয় শিক্ষানীতিক লৈ আশাবাদী মুখ্যমন্ত্ৰী। শনিবাৰে আৰম্ভ হ’ল নতুন শিক্ষানীতিৰ একবিংশ শতিকাৰ নতুন যাত্ৰা। শীঘ্ৰেই ৰাজ্যত বলৱৎ হ’ব নতুন শিক্ষানীতি।


অসমৰ পাঁচখন স্বতন্ত্ৰ মহাবিদ্যালয়ক অহা দুবছৰৰ ভিতৰত বিশ্ববিদ্যায়লৈ ৰূপান্তৰিত কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। উত্তৰ লখিমপুৰ মহাবিদ্যালয়, নগাঁও মহাবিদ্যালয়, যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়, শিৱসাগৰ মহাবিদ্যালয়, সন্দিকৈ মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হ’ব।


শনিবাৰে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অডিটৰিয়ামত অনুষ্ঠিত হোৱা উত্তৰ-পূব শৈক্ষিক সন্মিলনত এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। এই অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু।


ইয়াৰোপৰি, অসমৰ প্ৰত্যেকখন চাহ বাগিচাতে হাইস্কুল খোলাৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। অহা ২৫ নৱেম্বৰত নতুন শিক্ষানীতিক লৈ জাৰি কৰা হ’ব জাননী। আনহাতে, অনলাইন পদ্ধতিৰে হ’ব শিক্ষকৰ বদলিকৰণ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen + 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.