Socialৰাজনৈতিক

বাতিল হ’ল বিতৰ্কিত কৃষি আইন, ৰাজীৱ ভৱনত কংগ্ৰেছৰ ‘কৃষক বিজয় দিৱস’ উদযাপন

ৰাজীৱ ভৱনত শ্বহীদ কৃষকৰ সন্মানাৰ্থে মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ আৰু NSUIৰ সহযোগত উদযাপন কৰা হয় এই কৃষক বিজয় দিৱস

শুকুৰবাৰে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এটা সিদ্ধান্তই সলনি কৰিলে সকলো। এবছৰ ধৰি বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীৰে দেশজুৰি প্ৰতিবাদত বহা কৃষকক সকাহ দিলে কেন্দ্ৰীয় চৰকাৰৰ এটা ঘোষণাই। অৱশেষত বাতিল হ’ল তিনিওখন কৃষি আইন।

কেন্দ্ৰীয় চৰকাৰৰ ঘোষণাৰ পিছতে দেশজুৰি বিজয় দিৱস পালন কংগ্ৰেছৰ। ক’লা কৃষি আইন বাতিলৰ দাবীত হোৱা আন্দোলনত প্ৰাণ আহুতি দিয়া কৃষকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বিজয় দিৱস উদযাপন কৰিলে অসম প্ৰদেশ কংগ্ৰেছে।

শনিবাৰে, ৰাজীৱ ভৱন প্রাঙ্গণত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে।ৰাজীৱ ভৱনত শ্বহীদ কৃষকৰ সন্মানাৰ্থে মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ আৰু NSUIৰ সহযোগত উদযাপন কৰা হয় এই কৃষক বিজয় দিৱস।

এই অনুষ্ঠানত উপস্থিত থাকে কংগ্ৰেছৰ বিধায়ক ৰকিবুল হুছেইন, দেৱব্ৰত শইকীয়া, ৰমেন বৰঠাকুৰ, মনজিৎ মহন্তকে আদি কৰি অসম প্ৰদেশ কমিটিৰ কৰ্মকৰ্তাসকল। হাতত মমবাতি লৈ সমদল উলিয়ায় কংগ্ৰেছে। লগতে, বিজেপি গ’ বেক ধ্বনিৰে মুখৰিত হ’ল ৰাজীৱ ভৱন চৌহদ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty + seventeen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.