Assamassam policeHimanta Biswa Sarmaleatest updatenationalPMo indiapoliticalঅসমৰাজনৈতিক

নতুন ফৌজদাৰী আইনৰ “হিট এণ্ড ৰান” ধাৰা বাতিলৰ দাবীক পূৰ্ণ সমৰ্থন ৰাইজৰ দল-জাতীয় যুৱ বাহিনীৰ

কেন্দ্ৰীয় চৰকাৰে কেৱল মাত্ৰ জৰিমনা সংগ্ৰহৰ স্বাৰ্থত চালকৰ ওপৰত এই আইন জাপি দিব খুজিছে বুলি উল্লেখ কৰিছে।

কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা নতুন ফৌজদাৰী আইনৰ “হিট এণ্ড ৰান” সম্পৰ্কীয় ধাৰা বৰ্তমানে সৰ্বত্ৰ চৰ্চাত। দেশৰ ভিন্ন প্ৰান্তৰ চালকসকলৰ লগতে অসমৰ মটৰ শ্ৰমিক সন্থায়ো আইন খন বাতিলৰ দাবীত গ্ৰহন কৰিছে প্ৰতিবাদী কাৰ্যসূচী। অসমৰ মটৰ শ্ৰমিক সন্থাৰ এই প্ৰতিবাদক সমৰ্থন জনাইছে ৰাইজৰ দল আৰু ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনীয়ে। সংশ্লিষ্ট ধাৰাক চালক বিৰোধী আখ্যা দি এই ধাৰা বাতিল নকৰা পৰ্যন্ত চালক সকলৰ প্ৰতিবাদলৈ সম্পূৰ্ণ সহযোগীতা আগবঢ়ায় যাব ৰাইজৰ দলে। এই মন্তব্য বিধায়ক অখিল গগৈৰ।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত জাতীয় যুৱ বাহিনীৰ কাৰ্যকৰী সভাপতি সৌৰভ বৰাই কয় যে, “সংঘটিত হোৱা কোনো দুৰ্ঘটনাই ইচ্ছাকৃতভাৱে কৰা নাযায়। কিন্তু এনে দুৰ্ঘটনাৰ গইনা লৈ জৰিমনাৰ নামত ধন সংগ্ৰহৰ যি নীতি গ্রহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ আগবাঢ়িছে তাক জাতীয় যুৱ বাহিনীয়ে তীব্ৰ গৰিহণা জনাইছো আৰু এই সিদ্ধান্তৰ পৰা বিৰত থাকিবলৈ দাবী উত্থাপন কৰিছো ”।

একসংবাদমেলত ৰাইজৰ দলৰ সভাপতি, বিধায়ক অখিল গগৈয়ে বিতৰ্কিত এই ধাৰাটো শীঘ্ৰে প্ৰত্যাহাৰ কৰাৰ দাবী জনায়। কেন্দ্ৰীয় চৰকাৰে কেৱল মাত্ৰ জৰিমনা সংগ্ৰহৰ স্বাৰ্থত চালকৰ ওপৰত এই আইন জাপি দিব খুজিছে বুলি উল্লেখ কৰিছে।
বিজেপি চৰকাৰৰ ভুল সিদ্ধান্তৰ বাবেই ৰাজ্যত বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে যাৰ বাবে চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে জনসাধাৰণ ৰাজপথত নামিবলৈ বাধ্য হৈছে।
অনাগত দিনত চৰকাৰে এই বিতৰ্কিত আইন বাতিল নকৰা পৰ্যন্ত চালক সকলৰ প্ৰতিবাদত পূৰ্ণ সমৰ্থন জনাই যাব বুলি সংবাদ মেল যোগে জনায় বিধায়ক অখিল গগৈয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 + five =

Back to top button