অসমসাহিত্য

গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন স্তম্ভলেখাৰ একত্ৰ সংকলন ‘চলন্তিকা-২’

লেখক তথা জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ নাথৰ স্তম্ভলেখাৰ একত্ৰ সংকলন 'চলন্তিকা-২' উন্মোচন কৰে শিক্ষাবিদ ডঃ দয়ানন্দ পাঠকে

আজি গুৱাহাটী প্ৰেছ ক্লাবত লেখক তথা জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ নাথৰ স্তম্ভলেখাৰ একত্ৰ সংকলন ‘চলন্তিকা-২’ উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ-সাহিত্যিক তথা গৱেষক পণ্ডিত ডঃ দয়ানন্দ পাঠকে। গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এই উন্মোচনী সভাত উন্মোচক ডঃ পাঠকে সময়ৰ তৰংগত সকলো হেৰাই যায় বুলি উল্লেখ কৰি এই তৰংগৰ ঢৌ ধৰি ৰাখিব খোজা সাংবাদিক নাথৰ প্ৰচেষ্টাৰ শলাগ লয় । ডঃ পাঠকে কয় – ‘কাকতত স্তম্ভ লিখাটো বৰ সহজ কথা নহয় । ইয়াৰ বাবে স্তম্ভলেখকে নিজৰ চিন্তাক সংযত কৰাৰ প্ৰয়োজন । স্তম্ভলেখাৰ বিষয় নিৰ্বাচন কৰাটোও জটিল । স্তম্ভলেখা আৰু সাধাৰণ প্ৰবন্ধৰ মাজত বহুত পাৰ্থক্য আছে ।’ উন্মোচকৰ ভাষণত বিশিষ্ট শিক্ষাবিদ গৰাকীয়ে আৰু কয় যে, ‘বৰ্তমান সময়ত আমি নিজকে অনুশীলন কৰিবলৈ আৰম্ভ কৰিছো আৰু সাংবাদিক নাথেও সেয়াই কৰিছে । তীব্ৰ আত্ম-বিশ্লেষণ, দ্বিধাহীন আত্মসমালোচনাৰে পৰিস্থিতি জুকিয়াইছে আৰু আমাকো উমান দিয়াৰ চেষ্টা কৰিছে । লেখকৰ প্ৰয়াস নিঃসন্দেহে প্ৰশংসনীয়।’

 

 

সমসাময়িক ঘটনাক্ৰমৰ ওপৰত আধাৰিত বিষয়বস্তুৰ ওপৰত লিখা মুঠ কুৰিটা স্তম্ভলেখাৰ সংকলন ‘চলন্তিকা-২’ উন্মোচনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ জ্যেষ্ঠ অধ্যাপক ডঃ কিশোৰ মোহন ভট্টাচাৰ্য আৰু ‘প্ৰথম খবৰ 24 ×7’ৰ মুখ্য সম্পাদক উৎপল বৰুৱা। দুয়োগৰাকী বিশিষ্ট অতিথিয়ে সাংবাদিক নাথৰ গ্ৰন্থখনৰ ওপৰত পৰ্যালোচনামূলক সমীক্ষা আগবঢ়ায়। উল্লেখযোগ্য যে, লেখিকা দৰ্শনা বৰুৱাই আঁতধৰা আজিৰ উন্মোচনী অনুষ্ঠানৰ আৰম্ভণিতে লেখক তথা সাংবাদিক দিগন্ত কুমাৰ নাথে গ্ৰন্থখনৰ আঁৰৰ কথা প্ৰকাশ কৰে আৰু ‘চলন্তিকা’ৰ দুয়োটা খণ্ডই সময়ৰ দস্তাবেজ হিচাপে পৰিগণিত হোৱাৰ আশা কৰে। গ্ৰন্থ উন্মোচনী সভাখনত কেইবাগৰাকী জ্যেষ্ঠ সাংবাদিকৰ লগতে গণ্য-মান্য ব্যক্তি উপস্থিত থাকে। গুৱাহাটীৰ সমন্বয় প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা গ্ৰন্থখনৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে ২০০ টকা। বিশিষ্ট চিত্ৰশিল্পী পদ্ম সিংহৰ দৃষ্টিনন্দন প্ৰচ্ছদসহ প্ৰকাশিত সাংবাদিক গৰাকীৰ স্তম্ভলেখা সংকলনৰ এই দ্বিতীয় খণ্ডটিৰ পৃষ্ঠা সংখ্যা ১০৪ ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 + two =

Back to top button