কেৰালাপ্ৰাকৃতিক দুৰ্যোগ

ৰুষ্ট প্ৰকৃতি, হঠাতে অহা মুষলধাৰ বৰষুণে সৃষ্টি কৰা প্ৰলয়ংকাৰী বানে উটুৱাই নিলে বহুজন…

উল্লেখ্য যে, বতৰ বিশেষজ্ঞই কেৰালাৰ ছয়খন জিলাক শনিবাৰে ৰেড এলাৰ্টত ৰাখিছিল। আইএমডিৰ দৈনিক বাৰিষা প্ৰতিবেদন অনুসৰি, কেৰালাত শনিবাৰে ৭৪% অতিৰিক্ত বৰষুণ হৈছিল। ৭ অক্টোবৰৰ পৰা ১৩ অক্টোবৰৰ ভিতৰত, ৰাজ্যখনত ১৬৬% অতিৰিক্ত বৰষুণ হৈছিল। এই বৰযুণৰ গড় আছিল প্ৰায় ১৯ চে.মি.।

প্ৰৱল বৃষ্টিপাতে কঁপাইছে কেৰালা। শনিবাৰে কেৰালাত অহা বিধ্বংসী বৃষ্টিপাতে ধুৱাই নিলে চৌপাশ। বৰষুণৰ ফলত সৃষ্টি হোৱা বানপানী, ভূমিস্খলনৰ ফলত মৃত্যুক সাৱটি লয় পাঁচজন লোকে। আনহাতে, এতিয়া পৰ্যন্ত সন্ধানহীন হৈ আছে ৰাজ্যখনৰ বহুকেইটা অঞ্চলৰ লোক।

মুষলধাৰ বৰষুণৰ ফলত হঠাতে সৃষ্টি হোৱা বানৰ বাবে কেইবাজনো লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ইতিমধ্যে বানপীড়িত অঞ্চলসমূহত মোতায়েন কৰা হৈছে ভাৰতীয় সেনাৰ দল। বানত আৱদ্ধ লোকসকলক সহায় কৰিবলৈ বায়ু সেনাইও চলাইছে উদ্ধাৰ অভিযান।

উল্লেখ্য যে, বতৰ বিশেষজ্ঞই কেৰালাৰ ছয়খন জিলাক শনিবাৰে ৰেড এলাৰ্টত ৰাখিছিল। আইএমডিৰ দৈনিক বাৰিষা প্ৰতিবেদন অনুসৰি, কেৰালাত শনিবাৰে ৭৪% অতিৰিক্ত বৰষুণ হৈছিল। ৭ অক্টোবৰৰ পৰা ১৩ অক্টোবৰৰ ভিতৰত, ৰাজ্যখনত ১৬৬% অতিৰিক্ত বৰষুণ হৈছিল। এই বৰযুণৰ গড় আছিল প্ৰায় ১৯ চে.মি.।

বতৰ বিশেষজ্ঞসকলৰ মতে, শনিবাৰে কেৰালাত দুঘন্টা সময়ৰ ব্যৱধানত ৫ চে.মি.তকৈ অধিক বৰষুণ হয়। আনকি এটা সৰু ডাৱৰ বিস্ফোৰণো সংঘটিত হয় কেৰালাত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen − 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.