অসমবন্যপ্ৰাণী

খেতিপথাৰত অঘটন! বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটিলে এজনী মাইকী হাতীয়ে…

বৰ্তমানলৈকে ঘটনাস্থলীত উপস্থিত হোৱা নাই বন বিভাগৰ লোক। বৰ্তমানেও এখন চাহ বাগিচাত অৱস্থান হাতীৰ বৃহৎ জাকটোৰ।

নুমলীগড়ত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটিলে এজনী মাইকী হাতীয়ে।

মৰঙীৰ ঢলাগাঁৱৰ ঘটনা এয়া। এখন পথাৰত বিদ্যুৎস্পৃষ্ট হয় মাইকী হাতীজনী। খাদ্যৰ সন্ধানত পথাৰলৈ ওলাই আহিছিল ৭০-৮০ জনীয়া এটা বন্যহস্তীৰ জাক। হাতীৰ জাকটোৱে মুকলি পথাৰত বিচৰণ কৰাৰ সময়তে সংঘটিত হয় এই অঘটন। পথাৰৰে বিদ্যুতৰ তাঁৰত লাগি মৃত্যু মুখত পৰে হাতীজনী।

পৰৱৰ্তী সময়ত ঢলাগাঁৱৰে এখন চাহ বাগিচাত অৱস্থান কৰে হাতীৰ বৃহৎ জাকটোৱে। বৰ্তমানলৈকে ঘটনাস্থলীত উপস্থিত হোৱা নাই বন বিভাগৰ লোক।

হাতীটোৰ মৃত্যুত এতিয়া শোক প্ৰকাশ কৰিছে প্ৰকৃতিপ্ৰেমীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 + 13 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.