দিল্লীপৰিৱেশপ্ৰদূষণ

পুনৰ হ’ব লকডাউন! দুদিনৰ বাবে পূৰ্ণ লকডাউনৰ সম্ভাৱনা

শনিবাৰে, উচ্চতম ন্যায়ালয়ে ঘোষণা কৰে লকডাউনৰ সম্ভাৱনাৰ কথা। বায়ু প্ৰদূষণে জুৰুলা কৰা দিল্লীত দুদিনৰ বাবে লকডাউন দিয়াৰ বাবে কেন্দ্ৰৰ সঁহাৰি বিচাৰিছে উচ্চতম ন্যায়ালয়ে।

পুনৰ লকডাউন হোৱাৰ সম্ভাৱনা আছে ৰাজধানী দিল্লীত। পিছে এইবাৰ ক’ভিড-১৯ৰ ভয়াৱহতাৰ বাবে নহয়, আন এক কাৰণতহে লকডাউন হ’ব দিল্লীত। ৰাজধানী দিল্লী এতিয়া ধুনীয়া নহয়। কিয়নো এতিয়া প্ৰদূষণেৰে ছানি ধৰিছে দেশৰ ৰাজধানী দিল্লী।

শনিবাৰে, উচ্চতম ন্যায়ালয়ে ঘোষণা কৰে লকডাউনৰ সম্ভাৱনাৰ কথা। বায়ু প্ৰদূষণে জুৰুলা কৰা দিল্লীত দুদিনৰ বাবে লকডাউন দিয়াৰ বাবে কেন্দ্ৰৰ সঁহাৰি বিচাৰিছে উচ্চতম ন্যায়ালয়ে।

দীপাৱলী উদযাপনৰ দুদিন পিছতো প্ৰদূষণে লগ এৰা নাই দিল্লীক। দীপাৱলী উপলক্ষে জ্বলোৱা ফটকা, আতচবাজিৰ ধোঁৱাই আজি পৰ্যন্ত আৱৰি ৰাখিছে দিল্লীৰ চৌপাশ। বায়ু প্ৰদূষণে ভয়াৱহ ৰূপ ধাৰণ কৰা দিল্লীত এতিয়া বিপদত জনতা। দীপাৱলীৰ সময়ত ব্যৱহাৰ কৰা আতচবাজীৰ বাবে আজি পৰ্যন্ত বায়ু প্ৰদূষণৰ সন্মুখীন হৈ আছে দিল্লীৰ জনতা। বায়ুস্তৰ অনবৰত ধোঁৱাৰে আৱৰি থকাৰ বাবে বিভিন্ন শ্বাস-প্ৰশ্বাসজনিত ৰোগত ভুগিছে দিল্লীৰ লোকসকল।

উৎসৱৰ বতৰত ফুটোৱা ফটকাৰ ফলত বায়ু প্ৰদূষণ বৃদ্ধি পোৱাত দিল্লীৰ বায়ুৰ গুণগত মান যথেষ্ট হ্ৰাস হৈ পৰিছে।
উল্লেখ্য যে, দিল্লীৰ বায়ু প্ৰদূষণ ৰোধ কৰিবৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল আদিত্য ডুবে নামৰ এজন ১৭ বছৰীয়া ছাত্ৰই। তাৰপিছতে শনিবাৰে, মুখ্য ন্যায়াধীশ এন ভি ৰমন, ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড আৰু ন্যায়াধীশ সূৰ্য্যকান্তে এই আবেদন শুনাৰ পিছতে জৰুৰীকালীনভাৱে এক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় কেন্দ্ৰক।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে আজি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বায়ু প্ৰদূষণ ৰোধৰ বাবে এখন জৰুৰীকালীন সভাৰ আহ্বান জনাইছে। এই সভাত উপস্থিত থাকিব উপ মুখ্যমন্ত্ৰী মণীষ চিচৌদিয়া, স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈন, পৰিৱেশ মন্ত্ৰী গোপাল ৰায় আৰু দিল্লীৰ মুখ্য সম্পাদক। এই সভাতে সিদ্ধান্ত গ্ৰহণ কৰিলে দুদিনৰ বাবে লকডাউন হ’ব দিল্লীত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 3 =

Back to top button