অসমদৈনিক বাতৰি

দুলীয়াজানৰ টিংৰাইত অইল ইণ্ডিয়াৰ পাইপলাইনত অঘটন, তেল পৰিবাহী পাইপলাইনৰ পৰা সংঘটিত হৈছে খাৰুৱা তেল নিৰ্গমনৰ ঘটনা

দুলীয়াজানৰ টিংৰাইত অইল ইণ্ডিয়াৰ পাইপলাইনত অঘটন

দুলীয়াজানৰ টিংৰাইত অইল ইণ্ডিয়াৰ পাইপলাইনত অঘটন। তেল পৰিবাহী পাইপলাইনৰ পৰা সংঘটিত হৈছে খাৰুৱা তেল নিৰ্গমনৰ ঘটনা। দুলীয়াজানৰ টিংৰাই চাৰিআলিৰ দলঙৰ সমীপৰ এখন পথাৰত সংঘটিত হৈছে এই ঘটনা । খাৰুৱা তেল নিৰ্গমন হৈ সিঁচৰিত হৈ পৰিছে বিস্তৃত অঞ্চল।

স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত অইল কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন-নিবেদন জনাই আহিছে যদিও কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ। যিকোনো মূহুৰ্তত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে। খাৰুৱা তেল পথাৰত সিঁচৰিত হোৱাত ৰাইজৰ মাজত সৃষ্টি হৈছে আতংকময় পৰিৱেশ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 + 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.