অসমদৈনিক বাতৰিভাৰতমনোৰঞ্জনসংগীত

ৰাষ্ট্ৰীয় টেলিভিশ্যন উজ্বলিছে ধেমাজীৰ গোগামুখৰ কন্যা…

দুৰ্দান্ত নৃত্য প্ৰদৰ্শনেৰে মাত্ৰ ৮ বছৰ বয়সতে ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে ধেমাজীৰ গোগামুখৰ কন্যা আপ্পুন পেগু।

দুৰ্দান্ত নৃত্য প্ৰদৰ্শনেৰে মাত্ৰ ৮ বছৰ বয়সতে ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে ধেমাজীৰ গোগামুখৰ কন্যা আপ্পুন পেগু।

ৰাষ্ট্ৰীয় টেলিভিশ্যন ZEETV ৰ ৰিয়েলিটী শ্ব’ Dance India Dance L’ill Mastersৰ Season 5ত নৃত্য প্ৰদৰ্শন কৰি বিচাৰকৰ মন জয় কৰাৰ লগতে আপ্পুনে টপ ১৫ত স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

মাত্ৰ ৮ বছৰ বয়সতে ৰাষ্ট্ৰীয় টেলিভিশ্যনত অসমৰ নাম উজ্জ্বলাইছে অসমৰ আপ্পুন পেগুৱে। ৰাষ্ট্ৰীয় টেলিভিশ্যন জি টিভিৰ ৰিয়েলিটী শ্ব’ ডাঞ্চ ইণ্ডিয়া ডাঞ্চ লিটিল মাষ্টাৰ ত টপ ১৫ উত্তীৰ্ণ হৈছে আপ্পুন পেগু। গোগামুখ তাজিক গাঁৱত জন্মগ্ৰহণ কৰা আপ্পুন পেগুৱে আইতাকৰ গৃহ মহৰিকেম্প কচুতলীত ডাঙৰ দীঘল হৈছিল।

সৰুৰে পৰা নাচ-গানত মতলীয়া আছিল আপ্পুন পেগু,অতি কম বয়সতে হৃদ ৰোগত আক্ৰান্ত হৈছিল কণমানি আপ্পুন পেগু। আইতাকে চিকিৎসা কৰি কৰি ভাগৰি পৰিছিল, বহু চিকিৎসাৰ পিছত আৰোগ্য হৈছিল আপ্পুন পেগু। নাচ গানত পাকৈত আপ্পুন পেগুক এদিন আইতাকে গোগামুখৰ এখন বিহু কৰ্মশালাত নাম ভৰ্তি কৰাই দিছিল তাৰ পৰাই আৰম্ভ হৈছিল আপ্পুন পেগুৰ এই দীঘলীয়া যাত্ৰা।

ইয়াৰ পাছতেই মুম্বাইৰ পৰা অসমবাসী ৰাইজৰ সহায় বিচাৰিছে ধেমাজি গোগামুখ কচুতলীৰ কন্যা আপ্পুন পেগুৱে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve + 17 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.