অপৰাধঅসম

নাহৰৰ দেশত ৰেগিঙৰ ভয়ানক পৰিণতি। ওৰেনিশা জ্যেষ্ঠ ছাত্ৰই কেনেকৈ প্ৰহাৰ চলাইছিল কনিষ্ঠ ছাত্ৰৰ ওপৰত!

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসত সংঘটিত হৈছে ৰেগিঙৰ ভয়ানক কাণ্ড

ৰেগিঙ! এক মাৰাত্মক অপৰাধ, এক সামাজিক ব্যাধি। ইয়াৰ পৰিণতিও অত্যন্ত ভয়ংকৰ। এই ৰেগিঙ ইমানেই ভয়ংকৰ যে ই কাঢ়ি ল’ব পাৰে মানৱ জীৱনৰ প্ৰাণ। প্ৰায়ে সংঘটিত হৈ আহিছে ৰেগিঙৰ কবলত পৰি আত্মহত্যা কৰাৰ ঘটনা।

 

নাহৰৰ দেশত ৰেগিঙৰ ভয়ানক পৰিণতি। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৰেগিঙৰ ফলত সংঘটিত হৈছে এক ভয়ানক কাণ্ড। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসত সংঘটিত হৈছে ৰেগিঙৰ ভয়ানক কাণ্ড। জ্যেষ্ঠ ছাত্ৰই ওৰেনিশা প্ৰহাৰ চলাইছিল কনিষ্ঠ ছাত্ৰৰ ওপৰত। জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হৈছে এজন ছাত্ৰ। আহত ছাত্ৰ জনক ডিব্ৰুগড়ৰ আদিত্য নাৰ্চিংহোমৰ আই চি ইউত ভৰ্তি কৰা হৈছে। আহত ছাত্ৰজন বাণিজ্য বিভাগৰ প্ৰথম ষান্মাসিকৰ আনন্দ শৰ্মা বুলি জানিব পৰা গৈছে। ৰাজহাড় আৰু মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ছাত্ৰজন। ছাত্ৰজনৰ ঘৰ চৰাইদেউ জিলাৰ সোণাৰিত বুলি জানিব পৰা গৈছে। ৰেগিংগৰ বলি হৈ ICUত চিকিৎসাধীন হৈ থকা ছাত্ৰ আনন্দ শৰ্মা এতিয়াও নহয় সংকটমুক্ত।

 

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ড পোহৰলৈ অহাৰ পাছতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ তাৎক্ষণিক প্রতিক্রিয়া । টুইটাৰযোগে ঘটনা সন্দৰ্ভত ডিব্ৰুগড় জিলা প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ লগতে আহত ছাত্ৰক উপযুক্ত চিকিত্সা প্ৰদানৰো নিৰ্দেশ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰেগিঙৰ বিৰুদ্ধে সজাগতা গঢ়িবলৈ ছাত্ৰ-ছাত্ৰীলৈ জনালে আহ্বান। এই ঘটনা সন্দৰ্ভত ৪ ছাত্ৰক আটক। ঘটনাত জড়িত প্ৰাণজিৎ বৰুৱা, সীমান্ত হাজৰিকা, নিৰঞ্জন ঠাকুৰ, গোলাপ ডেকাক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে। কিন্তু এই ঘটনাৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰী এতিয়াও পলাতক।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 + fourteen =

Back to top button