ভাৰতসংগীত

শেষকৃত্য সম্পন্ন হ’ল সুৰৰ সম্ৰাজ্ঞীৰ, দেশবাসীয়ে চকুলোৰে বিদায় দিলে লতা মংগেশকাৰক

সুৰ সম্ৰাজ্ঞীক শ্ৰদ্ধা জনাই আগন্তুক দুটা দিন অৰ্ধনমিত হৈ থাকিব জাতীয় পতাকা

৯২ বছৰ বয়সত চিৰ দিনৰ বাবে চকু মুদিলে দেশৰ নাইটেংগলে। দেশবাসীয়ে চকুলোৰে বিদায় দিলে লতা মংগেশকাৰক। মুম্বাইৰ শিৱাজী পাৰ্কত শেষকৃত্য সম্পন্ন হ’ল সুৰসম্ৰাজ্ঞীৰ।

দুপৰীয়া প্ৰায় ১২.৩০ বজাত প্ৰভাকুঞ্জলৈ লৈ যোৱা হৈছিল লতা মংগেশকাৰৰ নশ্বৰদেহ। তাৰ পিছত বিয়লি শিৱাজী পাৰ্কলৈ নিয়া হয় লতাজীৰ নশ্বৰ দেহ। তিনিটাকৈ বাহিনীৰ গান চ্যেলুট, পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যদাৰে শেষকৃত্য সম্পন্ন হয় লতা মংগেশকাৰৰ।
লতা মংগেশকাৰক শেষ শ্ৰদ্ধা জনাই উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে, বলিউদৰ বহু জনপ্ৰিয় তাৰকাৰ লগতে শচিন তেণ্ডুলকাৰৰ দৰে বিশিষ্ট লোক।

সুৰ সম্ৰাজ্ঞীক শ্ৰদ্ধা জনাই আগন্তুক দুটা দিন অৰ্ধনমিত হৈ থাকিব জাতীয় পতাকা।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.