অসমউৎসৱগুৱাহাটীবিশ্বভাৰতমনোৰঞ্জনৰাজনৈতিক

অসমৰ বিহুৱে গঢ়িলে বিশ্ব অভিলেখ

সৰুসজাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উপভোগ কৰিলে ১১ হাজাৰ ঢুলীয়া–নাচনীৰ বিহু নাচ।

বিহুৰ বিশ্বমুখী বিজয় যাত্ৰাৰ ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ল সমগ্ৰ বিশ্ব।

সৰুসজাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উপভোগ কৰিলে ১১ হাজাৰ ঢুলীয়া–নাচনীৰ বিহু নাচ।

কইনাধৰাৰ পৰা বিশাল ৰোড শ্ব’ৰে সৰুসজাইত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীক আদৰণি জনালে হাজাৰ হাজাৰ জনতাই।

তাৰ পাছতেই ষ্টেডিয়ামত জনগোষ্ঠীয় নৃত্য-গীতেৰে আদৰণি জনোৱা হয় প্ৰধানমন্ত্ৰীক।

বিশেষ বাহনত উঠি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদক্ষিণ কৰে বিহুৱা–বিহুৱতীক।

সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰে বিহুৰ বিনন্দীয়া ৰূপ।

ইতিমধ্যে গীনিজ বুকত দুটাকৈ অভিলেখ ৰচা বিহুক গীনিজ কৰ্তৃপক্ষই আজি আনুষ্ঠানিকভাৱে প্ৰদান কৰে প্ৰমাণ পত্ৰ।

প্ৰধানমন্ত্ৰীৰ সন্মুখত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হাতত কৰ্তৃপক্ষই প্ৰদান কৰিলে এই প্ৰমাণ পত্ৰ।

এই অনুষ্ঠানতেই কেইবাটাও বৃহৎ প্ৰকল্পৰ আধাৰশিলা ভাৰ্ছুৱেলী উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

অসমীয়াত ভাষণ আৰম্ভ কৰে প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰীৰ ভাষণত স্থান পালে লাচিত বৰফুকনৰ বীৰ গাঁথা, কপৌ ফুলৰ কথা।

প্ৰধানমন্ত্ৰীৰ মুখত জ্যোতিপ্ৰসাদৰ গীত।

কোমল চাউল আৰু তেজপুৰৰ লেচুক প্ৰশংসা কৰিলে প্ৰধানমন্ত্ৰীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 4 =

Back to top button