EducationSocialজীৱনশৈলীভাৰত

দেশৰ প্ৰথমগৰাকী শিক্ষয়িত্ৰীৰ আজি ওপজা দিন! তেওঁৰ বিষয়ে জানেনে?

ছোৱালী-কিশোৰীৰ বাবে ১৮ খন বিদ্যালয় স্থাপন তথা গোটেই জীৱন মহিলাৰ অধিকাৰৰ বাবে যুঁজ দিয়া বীৰাংগনা সাবিত্ৰীবাই ফুলে। তাৰ লগতে তেওঁ এগৰাকী ভাৰতীয় সমাজ সংস্কাৰক আৰু কবি। তেওঁ আৰু তেওঁৰ স্বামী জ্যোতিৰাও ফুলে একেলগে ব্ৰিটিছ শাসনৰ কালছোৱাত মহিলাৰ অধিকাৰৰ বাবে কাম কৰিছিল।

দেশৰ প্ৰথমগৰাকী শিক্ষয়িত্ৰীৰ আজি ওপজা দিন। সাবিত্ৰী বাই ফুলেৰ বিষয়ে জানেনে?

ছোৱালী-কিশোৰীৰ বাবে ১৮ খন বিদ্যালয় স্থাপন তথা গোটেই জীৱন মহিলাৰ অধিকাৰৰ বাবে যুঁজ দিয়া বীৰাংগনা সাবিত্ৰীবাই ফুলে। তাৰ লগতে তেওঁ এগৰাকী ভাৰতীয় সমাজ সংস্কাৰক আৰু কবি। তেওঁ আৰু তেওঁৰ স্বামী জ্যোতিৰাও ফুলে একেলগে ব্ৰিটিছ শাসনৰ কালছোৱাত মহিলাৰ অধিকাৰৰ বাবে কাম কৰিছিল। ১৮৪৮ চনত ফুলে আৰু তেওঁৰ স্বামীয়ে পুণেৰ ভিড়া ৱাডাত ভাৰতৰ প্ৰথম মহিলা বিদ্যালয় স্থাপন কৰে। মানুহৰ জাতি আৰু লিংগৰ ভিত্তিত কৰা অন্যায় আৰু আৰু বৰ্ণ বৈষম্য আঁতৰ কৰিবলৈ তেওঁ কঠিন পৰিশ্ৰম কৰিছিল। সেইবাবে তেওঁক মহাৰাষ্ট্ৰৰ এগৰাকী গুৰুত্বপূৰ্ণ সমাজ সংস্কাৰক বুলি গণ্য কৰা হয়।
২০১৭ চনৰ ৩ জানুৱাৰী তাৰিখে চাৰ্ছ ইঞ্জিন গুগলে তেওঁৰ ১৮৬তম জন্মদিন গুগল ডুদুলেৰে তেওঁক সন্মানিত কৰে।

প্ৰাৰম্ভিক জীৱনঃ-
১৮৩১ চনত মহাৰাষ্ট্ৰৰ নাইগাঁৱত সাৱিত্ৰীবাইৰ জন্ম হয়। সাধাৰণ কৃষক পৰিয়ালত তেওঁৰ জন্ম হৈছিল। মাত্ৰ ন বছৰ বয়সতে ১৮৪০ চনত তেওঁ বাৰ বছৰীয়া জ্যোতিৰাও ফুলেৰ লগত বিবাহ পাশত আৱদ্ধ হয়। তেওঁলোকৰ কোনো সন্তান নাছিল। কিন্তু পিছলৈ তেওঁলোকে যশৱন্তৰাও নামৰ বিধৱা ব্ৰাহ্মণ এগৰাকীৰ পুত্ৰ তুলি লয়।

বঁটা আৰু সন্মানঃ-
মহাৰাষ্ট্ৰ চৰকাৰে তেওঁৰ নামত এক বঁটা প্ৰদান কৰে। সমাজৰ সংস্কাৰ সাধন কৰা ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰা নাৰীক এই বঁটা প্ৰদান কৰা হয়।
২০১৫ চনত পুণে বিশ্ববিদ্যালয় তেওঁৰ সন্মানাৰ্থে সাৱিত্ৰীবাই ফুলে পুণে বিশ্ববিদ্যালয় হিচাপে নামকৰণ কৰা হয়।
১৯৯৮ চনৰ ১০ মাৰ্চত তেওঁৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি ভাৰতীয় ডাক বিভাগে তেওঁৰ নামত এক ডাক টিকট প্ৰচলন কৰে।
২০১৭ চনৰ ৩ জানুৱাৰী তাৰিখে চাৰ্ছ ইঞ্জিন গুগলে তেওঁৰ ১৮৬তম জন্মদিন গুগল ডুদুলেৰে তেওঁক সন্মানিত কৰে।

মৃত্যুঃ-
১৮৯৭ চনৰ ১০ মাৰ্চ তাৰিখে প্লেগ ৰোগত সাৱিত্ৰীবাইৰ মৃত্যু হয়। প্লেগ মহামাৰীত তেওঁ ৰোগী সমূহক সেৱা শুশ্ৰূষা কৰিছিল। প্লেগ এক প্ৰকাৰৰ সংক্ৰামক ৰোগ। সেয়ে ৰোগীৰ সংস্পৰ্শত থকাৰ বাবে তেওঁৰো প্লেগ বেমাৰ হৈ পৰে আৰু মৃত্যু হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen − 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.