অপৰাধঅসমঅসম আৰক্ষী

হত্যা নে আত্মহত্যা? অগ্নিদগ্ধ হৈ মৃত্য়ুক সাৱটি লোৱা নিকিতা খেমকাৰ ঘটনাই কঁপাইছে ৰাজ্য…

নিকিতা আগৰৱালক সংকটজনক অৱস্থাত নেমকেয়াৰ হাস্পতালত ভৰ্ত্তি কৰোৱা হয় যদিও অৱশেষত শুকুৰবাৰে হাস্পতালতে শেষ নিশ্বাস ত্যাগ কৰে দুৰ্ভগীয়া মহিলাগৰাকীয়ে।

ৰাজ্যত পুনৰ সংঘটিত বোৱাৰী নিৰ্যাতনৰ ঘটনা। অকথ্য নিৰ্যাতনৰ বলি হৈ অৱশেষত মৃত্যুক সাৱটিলে নিকিতা আগৰৱাল নামৰ এগৰাকী মহিলাই। এই ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ খ্ৰীষ্টানবষ্টিত।

খ্ৰীষ্টানবস্তিৰ নিজ বাসগৃহত অগ্নিদগ্ধ অৱস্থাত বৃহস্পতিবাৰে উদ্ধাৰ নিকিতা আগৰৱালা খেমকা নামৰ এগৰাকী বোৱাৰী। দেহৰ প্ৰায় ৭৫%ই জ্বলি গ’ল নিকিতাৰ। নিকিতা আগৰৱালক সংকটজনক অৱস্থাত নেমকেয়াৰ হাস্পতালত ভৰ্ত্তি কৰোৱা হয় যদিও অৱশেষত শুকুৰবাৰে হাস্পতালতে শেষ নিশ্বাস ত্যাগ কৰে দুৰ্ভগীয়া মহিলাগৰাকীয়ে।

উল্লেখ্য যে, ২০১৮ চনতে কৌশিক খেমকাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল নিকিতা আগৰৱাল।

বিবাহৰ পিছৰে পৰা নিকিতাক দীৰ্ঘদিন ধৰি স্বামীৰ পৰিয়ালে শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই অহাৰ অভিযোগ নিকিতাৰ পৰিয়ালৰ। তথাপি কিহৰ বাবে নিকিতাই অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱালে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্ত্তত। ইতিমধ্যে, মৃত মহিলাগৰাকীৰ স্বামী কৌশিক খেমকাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত আৰম্ভ কৰা হৈছে প্ৰাৰম্ভিক তদন্ত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.