অসমআঞ্চলিক

কি কাৰণত নিলম্বন কৰা হ’ল ভিক্টৰ দাসক? স্পষ্ট কৰিলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে

ক’চিং চেন্টাৰৰ বাবে নিলম্বন কৰা হৈছে নেকি ভিক্টৰক?

কি কাৰণত নিলম্বন কৰা হ’ল ভিক্টৰ দাসক? ক’চিং চেন্টাৰৰ বাবে নিলম্বন কৰা হৈছে নেকি ভিক্টৰক?

স্পষ্ট কৰিলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে

চৰকাৰী নিযুক্তি পৰীক্ষা সন্দৰ্ভত অভিযোগ উত্থাপন কৰি গ্ৰেপ্তাৰ হোৱা শিক্ষক ভিক্টৰ দাসক আজি শিক্ষা বিভাগে নিলম্বন কৰে। এই সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে ভিক্টৰ দাসক অনুশাসন আইনৰ অধীনত নিলম্বন কৰা হৈছে। আৰক্ষীৰ জিম্মাত কোনো লোক ৪৮ ঘণ্টাতকৈ অধিক সময় থাকিলে নিলম্বিত হোৱাৰ নিয়ম অথবা আইন আছে৷ সেই নিয়মৰ অধীনতে নিলম্বন কৰা হৈছে ভিক্টৰ দাসক।

শিক্ষামন্ত্ৰী ৰণোজ পেগুয়ে উল্লেখ কৰিছে যে– ”ভিক্টৰ দাসে ৪৮ ঘণ্টা পুলিচৰ জিম্মাত থকাৰ পিছতেই এই জাননী দিয়া হৈছিল।” শিক্ষামন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে ”কোচিং কৰা, টিউচন কৰাৰ বাবে ভিক্টৰ দাসক নিলম্বন কৰা হোৱা নাই। এয়া ভুল খবৰ।”

উল্লেখ্যযোগ্য যে পূব পানীটেমা ৰাধা কৃষ্ণ যুগল মিলন এল পি স্কুলৰ শিক্ষক ৰূপে কৰ্তব্যৰত আছিল ভিক্টৰ। প্ৰধান শিক্ষকৰ প্ৰতিবেদনৰ ভিত্তিত জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ নিৰ্দেশত নিলম্বন কৰা হৈছে ভিক্টৰ দাসক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − thirteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.