অভিনয়অসমআন্তঃৰাষ্ট্ৰীয়বোলছবিমনোৰঞ্জন

আন্তঃৰাষ্ট্রীয় প্রেক্ষাপটত অব্যাহত আছে অসমীয়া ছবিৰ জয়যাত্রা

আন্তঃৰাষ্ট্রীয় পর্যায়ত সন্মান লাভ কৰিলে ‘বেলকনিত ভগৱান’ নামৰ অসমীয়া ছবিখনে

আন্তঃৰাষ্ট্রীয় প্রেক্ষাপটত অব্যাহত আছে অসমীয়া ছবিৰ জয়যাত্রা৷

অষ্ট্রেলিয়াত অনুষ্ঠিত হোৱা ছবি মহোৎসৱত ‘বেলকনিত ভগৱান’ নামৰ অসমীয়া ছবিখনে লাভ কৰিলে ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অৱ মেলবর্নত ইকুৱেলিটী ইন চিনেমা বঁটা৷

বিগত সময়ছোৱাত ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ত কেইবাটাও সন্মান লাভ কৰিবলে সক্ষম হৈছিল ‘বেলকনিত ভগৱান’ নামৰ ছবিখনে৷

‘বেলকনিত ভগৱান’ শীর্ষক ছবিখন পৰিচালনা কৰিছে বিশ্বজিৎ বৰাই৷ ছবিখনৰ প্রযোজক নুৰুল চুলতান। ব্রাজিলৰ লাছা চলচ্চিত্র মহোৎসৱত ‘বেলকনিত ভগৱান’–এ লাভ কৰিছিল অনাৰেবল মেনচন এৱার্ড৷ সেইদৰে লণ্ডন ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল, নিউয়র্ক ফিল্ম ফেষ্টিভেল, মেলবর্ন ফিল্ম ফেষ্টিভেল আদিতো সন্মান বুটলিবলৈ সক্ষম হৈছিল ছবিখনে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − 19 =

Back to top button