অপৰাধভাৰতৰাষ্ট্ৰীয় সুৰক্ষা

উচ্চতম ন্যায়ালয়ত সংঘটিত হয় লজ্জাজনক ঘটনা

দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত অপদস্থ হয় মুখ্য ন্যায়াধীশ বি আৰ গাভাই

সোমবাৰে উচ্চতম ন্যায়ালয়ত সংঘটিত হয় লজ্জাজনক ঘটনা। ধৰ্মান্ধতাৰ বাবে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত অপদস্থ হয় মুখ্য ন্যায়াধীশ বি আৰ গাভাই। গাভাইক লক্ষ্য কৰি আদালতৰ শুনানি চলি থকা মাজতে এগৰাকী অধিবক্তাই জোতা নিক্ষেপ কৰে।

প্ৰাপ্ত তথ্য অনুসৰি, ন্যায়ালয়ত এটা বিষয়ত শুনানি চলি থকা সময়তে ৰাকেশ কিশোৰ নামৰ এগৰাকী অধিবক্তাই মুখ্য ন্যায়াধীশ গাভাইলৈ জোতা নিক্ষেপ কৰিবলৈ চেষ্টা কৰে। অৱশ্যে নিৰাপত্তাৰক্ষীয়ে তৎক্ষণাত পৰিস্থিতি চম্ভালি লোৱা লগতে তেওঁক আদালতৰ পৰা বাহিৰলৈ উলিয়াই আনে।

সেই সময়ছোৱাত ৰাকেশ কিশোৰে চিঞৰি কৈছিল, “সনাতন ধৰ্মৰ অপমান আমি সহ্য নকৰো!” লগে লগে আৰক্ষীয়ে অধিবক্তাজনক আটক কৰে। ঘটনাস্থলীত উপস্থিত থাকে নতুন দিল্লী জিলাৰ ডিচিপি আৰু উচ্চতম ন্যায়ালয়ৰ ডিচিপি। বৰ্তমান অভিযুক্তক সোধ-পোছ অব্যাহত ৰাখিছে।

ইফালে, সমগ্ৰ ঘটনা সন্দৰ্ভত মুখ্য ন্যায়াধীশ গাভাইয়ে শান্তি বজাই ৰাখে। তেওঁ আদালতৰ নিয়ম-শৃংখলা বজাই ৰাখি আন অধিবক্তাসকলক উদ্দেশ্য কৰি কয়, “ আপোনালোক বিচলিত নহ’ব। এইবোৰে মোৰ ওপৰত কোনো প্ৰভাৱ পেলোৱা নাই।”

উল্লেখ কৰা প্ৰয়োজন যে, ৰাকেশ কিশোৰে পূৰ্বে খাজুৰাহোৰ জৱৰী মন্দিৰত থকা সাত ফুট ওখ ভগৱান বিষ্ণুৰ মূৰ কাটি লোৱা প্ৰতিমূৰ্তি পুনৰুদ্ধাৰৰ দাবীত আদালতত আবেদন দাখিল কৰিছিল।

ছেপ্টেম্বৰ মাহত মুখ্য ন্যায়াধীশ গাভাই আৰু ন্যায়াধীশ কে. বিনোদ চন্দ্ৰনে সেই আবেদন খাৰিজ কৰি কয় যে, এই বিষয়টো ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ (ASI)-ৰ অধিকাৰভুক্ত, আদালতৰ নহয়।

তেতিয়াৰ শুনানিৰ সময়ত মুখ্য ন্যায়াধীশে অধিবক্তাজনক কৈছিল, “যাওক আৰু ভগৱানক কিবা কৰিবলৈ কওক। আপুনি যিহেতু বিষ্ণুৰ পৰম ভক্ত, তেন্তে প্ৰাৰ্থনা কৰক।”

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.