Assamassam policeCultureFestivalঅপৰাধঅসমঅসম আৰক্ষীউৎসৱদৈনিক বাতৰিমনোৰঞ্জনসংগীত

হার্টথ্রব জুবিন গাৰ্গৰ সংগীতানুষ্ঠানত উত্তপ্ত পৰিস্থিতি , পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লাঠিচালনা

দেৰগাঁৱত জুবিন গাৰ্গৰ সংগীতানুষ্ঠানত একাংশ সুৰাসক্ত যুৱকৰ উদ্ভণ্ডালি‌। উত্তেজিত একাংশ উদণ্ড যুৱকে চকী ভাঙি এক অপ্ৰিতিকৰ পৰিস্থিতিৰ সূচনা কৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উদযাপন সমিতিৰ লগতে আৰক্ষীয়ে বাৰম্বাৰ সতৰ্কতা জাৰি কৰে। অৱশেষত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উদণ্ড যুৱকসকলৰ ওপৰত আৰক্ষীয়ে লাঠিচালনা কৰিবলৈ বাধ্য হয়।

উল্লেখযোগ্য যে, অসমবাসীৰ হার্টথ্রব জুবিন গাৰ্গে যোৱা নিশা ভাৰতীয় নৃত্য-সংগীত মহোৎসৱ আৰু নৃত্যাঞ্জলি বঁটা ২০২৪’ৰ সামৰণি অনুষ্ঠান দেৰগাঁৱৰ নৰেন শৰ্মা স্মৃতি পথাৰত গীত পৰিৱেশন কৰে। অসমৰ জনপ্ৰিয় কন্ঠশিল্পী গৰাকীৰ এই সংগীতানুষ্ঠানত অজস্ৰ অনুৰাগীৰ ভিৰ দেখিবলৈ পোৱা যায়। এই অনুষ্ঠান সুকলমে অনুষ্ঠিত হৈ থকাৰ মাজতে একাংশ সুৰাসক্ত যুৱকে উদ্ভণ্ডালি সৃষ্টি কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve + 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.