অসমপৰিৱেশবতৰবিশ্বভাৰত

অহা ১৯ নৱেম্বৰত পৃথিৱীবাসী সাক্ষী হৈ ৰ’ব এক বিৰল মহাজাগতিক পৰিঘটনাৰ

অহা ১৯ নৱেম্বৰত দেখা যাব এই শতিকাৰ দীৰ্ঘতম চন্দ্ৰগ্ৰহণ!

অহা ১৯ নৱেম্বৰত দেখা যাব এই শতিকাৰ দীৰ্ঘতম চন্দ্ৰগ্ৰহণ! এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’ব পৃথিৱীবাসী। মুঠ ৩ঘন্টা ২৮ মিনিট ২৩ ছেকেণ্ড ধৰি থাকিব এই চন্দ্ৰগ্ৰহণ।

১৯ নৱেম্বৰত সূৰ্য আৰু চন্দ্ৰৰ মাজত আহি পৰিব পৃথিৱী। পৃথিৱীৰ ছাঁ চন্দ্ৰৰ ওপৰত পৰিলেই আৰম্ভ হ’ব চন্দ্ৰগ্ৰহণ।

২০০১ৰ পৰা ২০২১ লৈকে এই শতিকাৰ এইটোৱে হ’ব সৱাতোকৈ দীৰ্ঘতম চন্দ্ৰগ্ৰহণ। এই বছৰত ভাৰতৰ পৰা শেষবাৰৰ বাবে চন্দ্ৰগ্ৰহণ দেখা যাব। সেইবাৰেই এই বছৰৰ প্ৰথম তথা অন্তিমটো ‘ব্লাড মুন’ দেখা গৈছিল।

১৯ নৱেম্বৰত হ’বলগীয়া চন্দ্ৰগ্ৰহণ আংশিক চন্দ্ৰগ্ৰহণ হে হ’ব। গ্ৰহণৰ সময়ত চন্দ্ৰৰ ৯৭শতাংশ ঢকা যাব। ভাৰতীয় সময় অনুসৰি দুপৰীয়া ১-৩০ বজাত এই চন্দ্ৰগ্ৰহণ দৃশ্যমান হ’ব।

অৱশ্যে দেশৰ সকলো প্ৰান্তৰ পৰা এই চন্দ্ৰগ্ৰহণ দেখিবলৈ পোৱা নাযাব যদিও অসম তথা অৰুণাচল প্ৰদেশৰ পৰা কম সময়ৰ বাবে হ’লেও এই চন্দ্ৰগ্ৰহণ দেখিবলৈ পোৱা যাব। উত্তৰ আমেৰিকাৰ লগতে মেক্সিকোত সকলোতকৈ বেছি ভালদৰে দেখা পোৱা যাব শতিকাৰ দীৰ্ঘতম চন্দ্ৰগ্ৰহণ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 + 3 =

Back to top button