অসম

যোৰহাটৰ এটা শিশু গৃহৰ পৰা পলায়ন ৯ টা শিশুৰ

সোমবাৰে সন্ধ্যা প্ৰায় ৭ মান বজাত শিশু গৃহৰ পৰা পলাই যায় ৯ টাকৈ শিশু

যোৰহাটৰ এটা শিশু গৃহৰ পৰা পলায়ন কৰে ৯ টা শিশু কিশোৰ। শিশু কেইটা পলাই যায় যোৰহাট নগৰৰ দৰঙি চুকৰ শংকৰ মাধৱ কৃষ্টি বিকাশ কেন্দ্ৰ নামৰ এটা শিশু গৃহৰ পৰা। সমাজ কল্যান বিভাগৰ অধীনত এটা বেচৰকাৰী অনুষ্ঠানে চলাই এই কেন্দ্ৰটো। অসমৰ লগতে চুবুৰীয়া ৰাজ্যৰ বিভিন্ন গৃহ হীন, পিতৃ মাতৃ হীন শিশুক ইয়াত ৰখা হয়।

সোমবাৰে সন্ধ্যা প্ৰায় ৭ মান বজাত শিশু গৃহৰ পৰা পলাই যায় ৯ টাকৈ শিশু। শেহতীয়া খবৰ মতে ইয়াৰে ৭ টা শিশু ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিছে।

উল্লেখযোগ্য যে যোৱা ১৩ জুনত ইয়াৰে চাৰিটা শিশু পলাইছিল। আৰু ইয়াৰে এটা উদ্ধাৰ হৈছিল যদিও  সোমবাৰে আকৌ সেই শিশুটো পলাই যায়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten − 9 =

Back to top button