অসমদৈনিক বাতৰিৰাজনৈতিক

দেশৰ আটাইতকৈ শক্তিশালী ব্যক্তিৰ এশজনীয়া তালিকাত নাম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বৰ্তমানেও দেশৰ আটাইতকৈ শক্তিশালী ব্যক্তি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

বৰ্তমানেও দেশৰ আটাইতকৈ শক্তিশালী ব্যক্তি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মোদীক লৈ ভাৰতীয়সকলৰ লগতে বিশ্ব সম্প্ৰদায়ৰ আগ্ৰহ সম্প্ৰতিক সময়ত বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। এনে পৰিপ্ৰেক্ষিততে প্ৰধানমন্ত্ৰী মোদীক এই সময়ৰ দেশৰ আটাইতকৈ শক্তিশালী ব্যক্তি বুলি চিহ্নিত কৰা হৈছে।

আহিবলগীয়া এবছৰৰ বাবে ‘ইণ্ডিয়ান এক্সপ্ৰেছ পাৱাৰ লিষ্ট ২০২২’ত নৰেন্দ্ৰ মোদী আটাইতকৈ শক্তিশালী নেতা হিচাপে প্ৰকাশ কৰা হৈছে।

প্ৰধানমন্ত্ৰী মোদীৰ পাছতে স্থান লাভ কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে।

তৃতীয় স্থানত আছে আৰ এছ এছ ৰ মুৰব্বী মোহন ভাগৱত।

তাৰ পাছতে জেপি নাড্ডা আছে চতুৰ্থ স্থানত।

দেশৰ আটাইতকৈ ধনী পুঁজিপতি মুকেশ আম্বানী আছে পঞ্চন স্থানত।

ষষ্ঠ স্থানত আছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ।

যোগীৰ পিছত গৌতম আদানিৰ নাম সন্নিৱিষ্ট হৈছে।

ইফালে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে অষ্টম স্থান দখল কৰিছে।

তাৰ পাছতে অৰ্থাৎ নৱম আৰু দশম স্থানত আছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ।

ইফালে এই তালিকাৰ ৩২সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen + 14 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.