leatest updateঅপৰাধঅসমভাৰত

যোৰহাটৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ত ছাত্ৰৰ ৰহস্যজনক মৃত্যু!

বেক থকা পেপাৰৰ পৰীক্ষা দিবলৈ আহিছিল ছাত্ৰজনে

যোৰহাটৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ত অঘটন। পৰীক্ষা দিবলৈ আহি ৰহস্যজনক ভাৱে মৃত্যু হয় ছাত্ৰ জনৰ। জানিব পৰা মতে বেক থকা পেপাৰৰ পৰীক্ষা দিবলৈ আহিছিল ছাত্ৰজনে। ২০১৯তে JECত সমাপ্ত কৰিছিল পাঠ্যক্ৰম। যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ছাত্ৰজনৰ। মৃত ছাত্ৰজন মিৰ্জাৰ নিহাজুল নিহাজ।

গুৱাহাটী পৰা তিনি বন্ধুৰ সৈতে যোৰহাটলৈ পৰীক্ষা দিবলৈ আহিছিল নিহাজুল। JECৰ ৫নং ছাত্ৰৱাসৰ ৫০৬নং কোঠাত অছিল তেওঁ। উল্লেখ্য যে অত্যধিক নিচা সেৱনৰ ফলত মৃত্যু হোৱা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.