AssamEducationElectionGovernment SchemeHimanta Biswa SarmaInternationalnationalnorth eastPMo indiapoliticalRegionalSocialSocial Networkঅসমআঞ্চলিকআন্তঃৰাষ্ট্ৰীয়গুৱাহাটীদৈনিক বাতৰিপৰিৱেশ

১৮ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ শুভাৰম্ভণি নৰেন্দ্ৰ মোদীৰ

প্ৰধানমন্ত্ৰীয়ে যোৰহাটত কি কি প্ৰকল্পৰ ঘোষণা কৰিলে ?

যোৱা কালি কাজিৰঙাত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । উপস্থিত হৈ আজি পুৱাতে কাজিৰঙাৰ কঁহৰা বনাঞ্চলৰ মিহিমুখত প্ৰধানমন্ত্ৰী গৰাকীয়ে হাতী-জীপ চাফাৰী কৰাৰ লগতে প্ৰদ্যুম্ন নামৰ হাতীৰ পিঠিত উঠি কাজিৰঙা পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰীয়ে । কাজিৰঙাৰ পৰা প্ৰধানমন্ত্ৰীগৰাকীয়ে যোৰহাটৰ এখন জনসভাত অংশগ্ৰহণ কৰি দেশৰ পৰিধি ভেদি মহাবীৰৰ বিশ্বমুখী যাত্ৰাৰ শুভাৰম্ভণি কৰে । যোৰহাটত মহাবীৰ লাচিতৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ লগতে লাচিতৰ সুবিশাল প্ৰতিমূৰ্তি উন্মোচন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । ১০ পুৰোহিতৰ পূজা-অৰ্চনাৰ মাজেৰে এই প্ৰতিমূৰ্তি মুকলি কৰে । মেলেং মেটেলি পথাৰত প্ৰধানমন্ত্ৰীৰ বিশাল জনসভাত ভাৰ্ছুৱেলী মুকলি কৰে ৰাজ্যৰ কেইবাটাও অভিলাষী প্ৰকল্প । একেলগে ভাৰ্ছুৱেলী মুকলি কৰে ৫,৫৫,০৫৫টা PMAYৰ বাসগৃহ । ভাৰ্ছুৱেলী উদ্বোধন তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়, শিৱসাগৰ চিকিৎসা মহাবিদ্যালয়ো উদ্বোধন, বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ ৩০০ কোটিৰ প্ৰকল্প, ডিগবৈ শোধানাগাৰৰ বহন ক্ষমতা বৃদ্ধিৰ শুভাৰম্ভণি, শুভাৰম্ভ কৰিলে ভাৰতীয় ৰে’লৱেৰ দুটা প্ৰকল্পৰো । যোৰহাটৰ জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে, ২০ মিনিটৰ ভাষণত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে । ১৮ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ শুভাৰম্ভণি কৰে মোদীয়ে । অসমবাসীৰ মৰম-চেনেহৰ কথা সুঁৱৰিলে মোদীয়ে । ‘সমগ্ৰ উঃ-পূবৰ লোক মোৰ পৰিবাৰ’,‘কংগ্ৰেছেহে কয় মোদীৰ কোনো পৰিবাৰ নাই’,‘কংগ্ৰেছৰ এনে আক্ৰমণৰ বিৰুদ্ধে থিয় দিছে দেশবাসীয়ে’। কাজিৰঙাৰ নৈসৰ্গিক দৃশ্যৰ বিষয়েও ক’লে মোদীয়ে‘লাচিত বৰফুকন অসমৰ শৌৰ্য-বীৰ্যৰ প্ৰতীক’আদি বিভিন্ন ধৰণৰ মন্তব্য কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে । যোৰহাটৰ জনসভা শেষ কৰি অসমৰ পৰা বিদায় লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five + 18 =

Back to top button