বলিউড

পত্নীৰ এটা সিদ্ধান্তৰ বাবে জীৱন সলনি হৈছিল KKৰ, শৈশৱৰ প্ৰেমিকাই হৈছিল জীৱন লগৰী…

সংগীতৰ মায়াজালেৰে সকলোকে মোহাচ্ছন্ন কৰি ৰখা কেকে মুম্বাইলৈ আহি হৈ পৰিছিল এক উজ্বল জ্যোতিষ্ক। নিজৰ দৰদী কণ্ঠৰে সকলোৰে বুকুৰ কুটুম হৈ পৰা কেকেই সংগীতৰ সমান্তৰালকৈ ভাল পাইছিল নিজ পত্নী, পৰিয়ালক। অনুৰাগীক কন্দুৱাই কেকে গুচি গ'ল। সকলোৰে হৃদয়ত থাকি গ'ল মাথো কেকেই সুৰ নিগৰোৱা সুন্দৰ গীতসমূহৰ মিঠা অনুভূতি।

৯০ দশকৰ প্ৰেমৰ গীত শুনি ভালপোৱা অনুৰাগীৰ বাবে আজি এটা দুখৰ দিন। অনুৰাগীক কন্দুৱাই জীৱন নাটৰ পৰা মেলানি মাগিলে বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী কেকেই। তেখেতৰ আকস্মিক মৃত্যু কেকে প্ৰেমীৰ বাবে এক আচৰিত খবৰ। কলকাতাৰ নজৰুল মঞ্চত গীত পৰিৱেশন কৰি অসুস্থ হৈ পৰা কেকেই ৫৩ বছৰ বয়সত জীৱনৰ পৰা মেলানি মাগে।
মৃত্যুৰ সময়ত কেকেই এৰি গৈছে পত্নী জ্যোতি কৃষ্ণা আৰু দুই সন্তান ক্ৰমে নকুল কৃষ্ণ কুন্নাথ আৰু তামাৰা কুন্নাথক।

পত্নীৰ এটা সিদ্ধান্তৰ বাবে জীৱন সলনি হৈছিল KKৰ, শৈশৱৰ প্ৰেমিকাই হৈছিল জীৱন লগৰী...

 

জনপ্ৰিয় হিন্দী গীতত কণ্ঠদান কৰিছিল কেকেই। অনুৰাগীৰ মনত কেকেৰ গীত ইমানেই গভীৰভাৱে শিপাইছিল যে সকলোৱে তেখেতৰ গীতত বিচাৰি পাইছিল এক সুকীয়া মাদকতা।

 

কেকেই কেনেকৈ প্ৰেমত পৰিছিল জ্যোতিৰ?

কৃষ্ণ কুমাৰ কুন্নাথ, যাক আমি সকলোৱে কেকে হিচাপে চিনি পাইছিলো, তেওঁৰ জীৱনসংগী, অথবা যুগ্ম জীৱনৰ বিষয়ে আমি বহুতেই নাজানো। শৈশৱৰ বান্ধৱীৰ সৈতেই বিবাহপাশত আৱদ্ধ হৈছিল কেকে। ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোতে কেকেই লগ পাইছিল জ্যোতিক। জ্যোতি কৃষ্ণাক কেকেই ইমানেই ভাল পাইছিল যে, এটা সময়ত জ্যোতিক বিয়া কৰাবলৈ চেলচ মেনৰ চাকৰিও কৰিছিল কেকেই। চেলচ মেন হিচাপে তিনি মাহ কাম কৰি কেকেই নিজৰ সপোন পূৰণৰ দিশে আগবাঢ়িছিল। ওৰেটো জীৱন শৈশৱৰ বান্ধৱী জ্যোতিৰ সৈতে প্ৰেম কৰি অৱশেষত ১৯৯১ চনত বিবাহপাশত আৱদ্ধ হৈছিল।

 

 

পত্নীৰ এটা সিদ্ধান্তৰ বাবে জীৱন সলনি হৈছিল KKৰ, শৈশৱৰ প্ৰেমিকাই হৈছিল জীৱন লগৰী...

প্ৰতিগৰাকী শ্ৰোতাৰ অন্তৰ দখল কৰিছিল কেকেৰ গীতসমূহে। দিল্লীত থাকি সংগীত চৰ্চাৰ লগতে বিভিন্ন বিজ্ঞাপনৰ কামত জড়িত আছিল কেকে। তেখেতে জীৱন কালত ১১টা ভাষাত প্ৰায় ৩৫০০টা জিংগলছ গাইছিল। দিল্লীত থাকিয়েই কেকেই এই সকলোবোৰ কাম কৰিছিল যদিও পত্নী জ্যোতিৰ উৎসাহত নিজৰ স্থিতি দিল্লীৰ পৰা মুম্বাইলৈ স্থানান্তৰ কৰিছিল। দিল্লীত সংগীতৰ এখন সৰু পৃথিৱীৰ সৈতে জড়িত হৈ থকা কেকেই মুম্বাইত বিচাৰি পাইছিল নিজক গঢ় দিয়াৰ এখন সুন্দৰ প্লেটফৰ্ম। এবাৰ এটা শ্ব’ত কেকেই কৈছিল যে, ‘জ্যোতিয়ে মোৰ বাবে যি সিদ্ধান্ত গ্ৰহণ কৰিছিল, সেয়া মই নিজেই কেতিয়াও নিজৰ বাবে গ্ৰহণ নকৰিলোহেঁতেন। কিবা এটা ভাল সংস্থাপন পোৱাৰ আগতে মই জ্যোতিক বিয়া কৰোৱাৰ বাবে তেওঁ মোৰ সংস্থাপনৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছিল’। উল্লেখ্য যে, পেছাগতভাৱে জ্যোতি কৃষ্ণা হৈছে এগৰাকী চিত্ৰশিল্পী।

 

পত্নীৰ এটা সিদ্ধান্তৰ বাবে জীৱন সলনি হৈছিল KKৰ, শৈশৱৰ প্ৰেমিকাই হৈছিল জীৱন লগৰী...

সংগীতৰ মায়াজালেৰে সকলোকে মোহাচ্ছন্ন কৰি ৰখা কেকে মুম্বাইলৈ আহি হৈ পৰিছিল এক উজ্বল জ্যোতিষ্ক। নিজৰ দৰদী কণ্ঠৰে সকলোৰে বুকুৰ কুটুম হৈ পৰা কেকেই সংগীতৰ সমান্তৰালকৈ ভাল পাইছিল নিজ পত্নী, পৰিয়ালক। অনুৰাগীক কন্দুৱাই কেকে গুচি গ’ল। সকলোৰে হৃদয়ত থাকি গ’ল মাথো কেকেই সুৰ নিগৰোৱা সুন্দৰ গীতসমূহৰ মিঠা অনুভূতি।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 − 8 =

Back to top button