অসমৰাজনৈতিক

হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট বৈঠকত লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ….

কেবিনেট বৈঠকৰ প্ৰথম বৰ্ষপূৰ্তিৰ শেষৰখন কেবিনেট বৈঠকত কেইবাটাও সিদ্ধান্ত লোৱা হয়। কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তক লৈ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সংবাদমেল সম্বোধন কৰে

আজি জনতা ভৱনত ড° হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ কেবিনেট বৈঠক অনুষ্ঠিত হয়।

কেবিনেট বৈঠকৰ প্ৰথম বৰ্ষপূৰ্তিৰ শেষৰখন কেবিনেট বৈঠকত কেইবাটাও সিদ্ধান্ত লোৱা হয়। কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তক লৈ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সংবাদমেল সম্বোধন কৰে।

কেবিনেটত লোৱা সিদ্ধান্তসমূহ হ’ল-

◼ শুৱালকুছি আৰু পলাশবাৰীৰ মাজত নিৰ্মাণ হ’বলগীয়া দলঙৰ বাবে ৩১,১৯৭ কোটি টকা অনুমোদন ৷ এই দলং ৪.০৮ কিলোমিটাৰৰ আৰু চাৰিলেন যুক্ত।

◼ গুৱাহাটী গেটৱে ঘাটৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে ২৮৯:৪৫ কোটি টকা অনুমোদন দিয়া হৈছে ৷

◼ নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীৰ বাবে দিবলগীয়া ৭০০ কোটিৰ সাহায্য পেকেজৰ ৩০৮,৭৫ কোটি টকা মুকলি কৰি দিয়া হৈছে ৷

◼ চাৰিখন মেডিকেল কলেজৰ বাবে প্ৰশাসনিক অনুমোদন। ৫০০ কোটিকৈ মুঠ দুহাজাৰ কোটি টকাৰ অনুমোদন ৷ বঙাইগাঁও, ধেমাজি, মৰিগাঁও আৰু গোলাঘাট মেডিকেল কলেজৰ বাবে এই টকা।

◼ অসম চৰকাৰ আৰু টাটা টেকনলজী লিমিটেডৰ মাজত হোৱা চুক্তি মতে  ৩৪খন পলিটিকেনিক আৰু ৪৩খন ITI নিৰ্মাণ কৰা হ’ব ৷ ৮৭% টকা টাটাই দিব ৷ বাকীখিনি ৰাজ্য চৰকাৰে দিব ৷ মুঠ ২,৩৯০ কোটি টকা ধাৰ্য কৰা হৈছে ৷ ২০ হাজাৰ দক্ষতাসম্পন্ন যুৱক-যুৱতী ওলাব আৰু চৰকাৰে সংস্থাপিত কৰাৰ ব্যৱস্থা কৰিব ৷

◼ মহাৰাষ্ট্ৰত অসম কম্পপ্লেক্স নিৰ্মাণ কৰা হ’ব ৷ অসমৰ কৃষ্টি-সংস্কৃতি তাত মূৰ্তমান হ’ব ৷ মহাৰাষ্ট্ৰৰ ৰায়নগৰৰ টিৱাৰে গাঁৱত হ’ব।

◼ Assam Inland Water Wage Limited নামৰ প্ৰতিষ্ঠান গঠনৰ সিদ্ধান্ত । মুখ্যমন্ত্ৰী ইয়াৰ অধ্যক্ষ হ’ব ৷

◼ প্ৰধানমন্ত্ৰী আৱাস যোজনা এইচ এফ এ (নগৰ)ৰ অধীনত নিৰ্মিত সকলো অসম্পূৰ্ণ গৃহৰ অতিৰিক্ত ব্যয়ৰ ক্ষেত্ৰত হিতাধিকাৰীসকলক পূৰ্বৰ ৫০ হাজাৰৰ পৰা ৬০ হাজাৰ টকালৈ বৃদ্ধি।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × two =

Back to top button