ভাৰত

এতিয়া গাখীৰ খাবলৈও চিন্তা কৰিব লাগিব! পুনৰ বৃদ্ধি গাখীৰৰ মূল্য…

আমুল আৰু মাডাৰ ডেইৰীয়ে প্ৰতি লিটাৰ গাখীৰত ২ টকা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে

পুনৰ বৃদ্ধি গাখীৰৰ মূল্য! কিছু দিন পূৰ্বে বৃদ্ধি পাইছিল গাখীৰৰ মূল্য, তাৰ পিছতেই বৃদ্ধি হৈছিল মিঠাইৰ মূল্যও৷ শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে যে প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে দৈনন্দিন ব্যৱহৃত সামগ্ৰী মূল্য৷

এইবাৰ এমাহৰ ভিতৰতে পুনৰ বৃদ্ধি হ’ল গাখীৰৰ মূল্য৷ আমুল আৰু মাডাৰ ডেইৰীয়ে প্ৰতি লিটাৰ গাখীৰত ২ টকা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ক্ৰয় আৰু অন্যান্য ইনুপুট ব্যয় বৃদ্ধিৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে গাখীৰৰ এই দুই ব্ৰেণ্ডে। বুধবাৰৰ পৰা এই নতুন নীৰিখ কাৰ্যকৰী কৰা হৈছে।

আমুল দুগ্ধ ব্ৰেণ্ডৰ মূল প্ৰতিষ্ঠান গুজৰাট ক’অপাৰেটিভ মিল্ক মাৰ্কেটিং ফেডাৰেশ্যনে এই সন্দৰ্ভত কয় যে, আমুল গ’ল্ডৰ আধা লিটাৰৰ মূল্য এতিয়া ৩১ টকা আৰু আমুল তাজা ২৫ টকা হোৱাৰ বিপৰীতে আমুল শক্তিৰ মূল্য হ’ব ২৮ টকা।

আনহাতে মাডাৰ ডেইৰীৰ ফালৰ পৰা কোৱা হৈছে যে, কোম্পানীটোৰ যোৱ ৫ মাহত ইনপুট ব্যয় বৃদ্ধি পাইছে৷ কোম্পানীটোৱে শেষবাৰৰ বাবে মাৰ্চ মাহত দিল্লী- ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত প্ৰতি লিটাৰ গাখীৰৰ মূল্য ২ টকা বৃদ্ধি কৰিছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen + 15 =

Back to top button