Assamleatest updateঅসমদৈনিক বাতৰিভাৰত

অসমত নাগৰিকত্বৰ ভিত্তিবৰ্ষ ১৯৫১ নে ১৯৭১ চন হ’ব? এই সম্পৰ্কীয় আবেদনৰ শুনানি আৰম্ভ হৈছে উচ্চতম ন্যায়ালয়ত

অসমত নাগৰিকত্বৰ ভিত্তিবৰ্ষ ১৯৫১ নে ১৯৭১ চন হ’ব? এই সম্পৰ্কীয় আবেদনৰ শুনানি আৰম্ভ হৈছে উচ্চতম ন্যায়ালয়ত

অসমত নাগৰিকত্বৰ ভিত্তিবৰ্ষ ১৯৫১ নে ১৯৭১ চন হ’ব। এই সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ আবেদনৰ শুনানি আৰম্ভ হৈছে উচ্চতম ন্যায়ালয়ত। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ অধ্যক্ষতাত গঠিত সাংবিধানিক বিচাৰপীঠে লৈ আছে এই আবেদনৰ শুনানি। নাগৰিকত্ব আইন ১৯৫৫ৰ ৬ (ক) অধ্যায়ৰ বৈধতাক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনখনৰ শুনানিৰ অন্ততে নিশ্চিত হ’ব অসমৰ ক্ষেত্ৰত ভাৰতীয় নাগৰিকত্বৰ ভিত্তিবৰ্ষ ১৯৫১ চন হ’বনে ১৯৭১ চন হ’ব।

উল্লেখনীয় যে নাগৰিকত্ব আইন অনুসৰি ভাৰতীয় নাগৰিক হিচাপে চিহ্নিত হ’বলৈ ১৯৫১ চনটো ভিত্তিবৰ্ষ হিচাপে গণ্য কৰা হয়। কিন্তু অসমৰ ক্ষেত্ৰত অসম চুক্তিৰ সময়ত এই ভিত্তিবৰ্ষ ১৯৭১ কৰা হ’ল। তদুপৰি নাগৰিকত্ব সংশোধনী আইন আৰু এন আৰ চি প্ৰস্তুত কৰাৰ সময়তো এই ভিত্তিবৰ্ষক লৈ জটিলতাৰ সৃষ্টি হ’ল। এনে এক প্ৰেক্ষাপটতে মঙলবাৰৰ পৰা আৰম্ভ হোৱা শুনানিয়ে ৰাজ্যখনৰ বাবে যথেষ্ট তাৎপৰ্য বহন কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 + 17 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.