অসমঅসম আৰক্ষীগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰতৰাজনৈতিক

‘প’ৰ্টেল সাংবাদিক’এ আকৌ কলংকিত কৰিলে বৃত্তিটোক, নগাঁৱৰ কচুৱাত মৃতকক লৈ দালালি প’ৰ্টেল সাংবাদিকৰ….

‘প’ৰ্টেল সাংবাদিক’এ আকৌ কলংকিত কৰিলে বৃত্তিটোক

নগাঁৱৰ কচুৱাত মৃতকক লৈ দালালি প’ৰ্টেল সাংবাদিকৰ

আৰক্ষী বিষয়াৰ নামত ধন সংগ্ৰহ কৰি পৰিল জালত

কচুৱা থানাত গোচৰ দুই ‘সাংবাদিক’ৰ বিৰুদ্ধে

আঢ়ৈ লাখ টকা আত্মসাৎ মোজাক্কিৰ আহমেদ, মুস্তাফা কামালৰ

১২ অক্টোবৰত সংঘটিত এটা পথ দুৰ্ঘটনাত কচুৱা তিনিআলিত গুৰুতৰভাৱে আহত হৈছিল আলিটাঙনি গাঁৱৰ চামু দেৱনাথ নামৰ এজন যুৱক। তিনিদিন পিছত চিকিৎসালয়ত মৃত্যু ঘটে যুৱকজনৰ। যুৱকজনৰ পৰিয়ালে ঘটনা সন্দৰ্ভত কচুৱা থানাত এক গোচৰ তৰে আৰু আব্দুল হাচিম নামৰ এজন লোকৰ বিৰুদ্ধে অভিযোগ আনে। এই অভিযুক্ত আব্দুল হাচিমৰ পৰাই গোচৰটোৰ মীমাংসাৰ নামত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক, চক্ৰ আৰক্ষী বিষয়া আৰু কচুৱা থানাৰ অ’চিক মেনেজ কৰিবলৈ আঢ়ৈ লাখ টকা সৰকাই দুই সাংবাদিকৰূপী দুৰ্বৃত্তই। পিছে গোচৰটো মীমাংসা ন’হৈ আদালতৰ মজিয়া পোৱাতহে উৰহী গছৰ ওৰ ওলাল। আব্দুল হাছেমৰ পৰা প্ৰৱঞ্চনাৰে ধনখিনি সৰকালে দুই প’ৰ্টেল সাংবাদিকে। এতিয়া দুয়োৰে বিৰুদ্ধে গোচৰ তৰিছে আব্দুল হাচিমে।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.