অসমআঞ্চলিকদৈনিক বাতৰি

চিলাপথাৰত পাঁচখনকৈ গাওঁ এতিয়া পানীৰ তলত, খাদ্য সংকটৰ অভাৱত হাহাঁকাৰ বনাৰ্ত্যৰ…

চিলাপথাৰত পাঁচখনকৈ গাওঁ এতিয়া পানীৰ তলত, খাদ্য সংকটৰ অভাৱত হাহাঁকাৰ বনাৰ্ত্যৰ

জোনাই সমষ্টিৰ অন্তৰ্গত মুক্তিয়াৰ গাঁও পঞ্চায়তৰ পাঁচখন গাওঁ এতিয়া পানীৰ তলত ৷ কেইবাদিন ধৰি নেৰানেপেৰা প্ৰবল বৰষুণৰ ফলত আজি  ১নং আৰু ২নং সোণাৰিঘাট, মেদি পমুৱা, দিগলী পাম এই গাঁওসমুহত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে সম্পন্নৰূপে বুৰাই পেলাইছে।

বনাৰ্ত্যৰ লগতে পশুধনৰ খাদ্যৰ সংকটে সৃষ্টি কৰিছে হাহাকাৰ। পানীৰ মাজত আবদ্ধ হৈ থকা ৰাইজে এতিয়া এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে। ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নীপানীয়ে ১নং ২নং সোণাৰিঘাট আৰু মেদি পমুৱা গাঁৱত তীব্ৰ গৰাখহনীয়া সৃষ্টি হোৱাত কেইবাটাও পৰিয়ালৰ ঘৰবাৰী ব্ৰহ্মপুত্ৰৰ বুকুৰ খহনীয়াত বিলীন হৈ গৈছে।

মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত প্ৰতিবছৰে এটাৰ পিছত আন এখন গাওঁ বিলিন হৈ সম্প্ৰতি সোনাৰিঘাট নামৰ অঞ্চল জিলাখনৰ ভৌগোলিক মেপৰ পৰা নিচিহ্ন হোৱাৰ দিশে ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 4 =

Back to top button