আন্তঃৰাষ্ট্ৰীয়

ইউক্ৰেইনত সিদ্ধান্তৰ দোমোজাত ভাৰতীয় শিক্ষাৰ্থী, কি হ’ব শিক্ষাৰ্থীসকলৰ ভৱিষ্যত?

যিসকল শিক্ষাৰ্থীয়ে শিক্ষাবৰ্ষৰ তৃতীয় আৰু ষষ্ঠ বৰ্ষত আছে, সেইসকল শিক্ষাৰ্থীৰ পৰীক্ষা মে', জুন মাহত অনুষ্ঠিত হ'ব। কিন্তু এতিয়ালৈকে পৰীক্ষাৰ তাৰিখৰ কোনো নিশ্চয়তা নাই। সেয়েহে গভীৰ অনিশ্চয়তাত ভুগিছে ইউক্ৰেইনত থকা ভাৰতীয় শিক্ষাৰ্থীসকল।

ৰাছিয়া-ইউক্ৰেইনত বৃদ্ধি পাইছে চিন্তা। দুয়োখন দেশত যুদ্ধসদৃশ পৰস্থিতিৰ সৃষ্টি হোৱাৰ সময়তে বিপদত পৰিছে ইউক্ৰেইনত থকা ভাৰতীয় শিক্ষাৰ্থীসকল। দুই সিদ্ধান্তৰ দোমোজাত ভাৰতৰ শিক্ষাৰ্থী।

ইউক্ৰেইনৰ ভাৰতীয় দূতাবাসৰ নিৰ্দেশ স্বত্বেও অনিশ্চয়তাৰ মাজত আছে ভাৰতৰ শিক্ষাৰ্থী। ইউক্ৰেইনত থাকি অনলাইন ক্লাছ কৰিলে অথবা লাখ লাখ টকা খৰচ কৰি ঘৰলৈ উভতি আহিলেও পঢ়াৰ ক্ষেত্ৰত যথেষ্ট লোকচানৰ সন্মুখীন হ’ব শিক্ষাৰ্থীসকল।

যিসময়ত ইউক্ৰেইনৰ বহু বিশ্ববিদ্যালয়ে শিক্ষাৰ্থীসকলৰ অনলাইন পাঠদান সমৰ্থন জনাইছে, সেই সময়তে মেডিকেল কলেজৰ শিক্ষাৰ্থীসকলে দাবী জনাইছে যে- অনলাইন ক্লাছে এজন চিকিৎসক গঢ়াত সহায় নকৰে। ইয়াৰোপৰি, ভাৰতৰ National Medical Council(NMC)য়েও অনলাইন পাঠ্যক্ৰমৰ জৰিয়তে MBBS ডিগ্ৰী লাভ কৰিলে গ্ৰহণযোগ্য নহ’ব বুলি ইতিমধ্যে জনাইছে।

আনহাতে, ইউক্ৰেইনত থকা যিসকল শিক্ষাৰ্থীয়ে দেশলৈ উভতি আহিব বিচাৰিছে, সেইসকলৰ বাবে বিমানৰ টিকট ক্ৰয় কৰাটো যথেষ্ট কঠিন হৈ পৰিছে। শিক্ষাৰ্থীসকলৰ মন্তব্য অনুসৰি পূৰ্বতে যিটো বিমানৰ টিকটৰ মূল্য ৫০,০০০-৭০,০০০ টকা আছিল, এতিয়া সেই টিকটৰ মূল্যই হ’লগৈ ১ লাখ টকা। যিসকল শিক্ষাৰ্থীয়ে শিক্ষাবৰ্ষৰ তৃতীয় আৰু ষষ্ঠ বৰ্ষত আছে, সেইসকল শিক্ষাৰ্থীৰ পৰীক্ষা মে’, জুন মাহত অনুষ্ঠিত হ’ব। কিন্তু এতিয়ালৈকে পৰীক্ষাৰ তাৰিখৰ কোনো নিশ্চয়তা নাই। সেয়েহে গভীৰ অনিশ্চয়তাত ভুগিছে ইউক্ৰেইনত থকা ভাৰতীয় শিক্ষাৰ্থীসকল।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen + twenty =

Back to top button