Socialঅসম

ক্ষোভত জ্বলিছে বকো, বনকৰ্মীৰ গুলীত নিহত এটি ২ বছৰীয়া কণমানি

ঘটনাক কেন্দ্ৰ কৰি উত্তেজনাৰ সৃষ্টি হয় সমগ্ৰ অঞ্চলত। উত্তেজিত ৰাইজে ১৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি বনকৰ্মীৰ এনে কাৰ্যক গৰিহণা দিয়ে । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত চক্ৰ বিষয়া ডিম্পী বৰা উপস্থিত হয় যদিও উত্তেজিত ৰাইজে বহু সময় ধৰি আবদ্ধ কৰি ৰাখে চক্ৰ বিষয়াগৰাকীক।

ক্ষোভত জ্বলিছে বকো। এফালে কান্দোনৰ ৰোল, আনফালে একাংশৰ ক্ষোভ। বকোৰ বোন্দাপাৰাত ভয়ংকৰ ঘটনা। বনকৰ্মীৰ গুলীত নিহত এটি দুবছৰীয়া কণমানি।

বন্যহস্তীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰা বকোৰ বোন্দাপাৰাত শুকুৰবাৰে বন্যহস্তী খেদিবলৈ বনকৰ্মীয়ে চেষ্টা চলোৱাৰ সময়তেই সংঘটিত অঘটন। বন্যহস্তীলৈ লক্ষ্য কৰি বনকৰ্মীয়ে চলোৱা গুলীত গুলীবিদ্ধ মাতৃ-কন্যা।বনকৰ্মীৰ গুলীত থিতাতে নিহত হয় দুবছৰীয়া কণমানি। মৃত শিশুটিৰ নাম আৰ্বি দৈমাৰী। কেৱল শিশুটিয়েই নহয়, বনকৰ্মীৰ গুলীত আহত হয় মৃত আৰ্বি দৈমাৰীৰ মাতৃ মালবিকা দৈমাৰী।

উল্লেখ্য যে, শুকুৰবাৰে পুৱা বকোৰ বোন্দাপাৰাত খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহিছিল বনৰীয়া হাতীৰ এটা জাক। ধান খাবলৈ ওলাই অহা হাতীৰ জাকৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হয় সঞ্জয় দাস নামৰ এজন যুৱক। এই ঘটনাৰ পিছতেই উক্ত স্থানত মোতায়েন কৰা হৈছিল বনকৰ্মী। কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে বন্যহস্তীলৈ বনকৰ্মীয়ে চলোৱা গুলীত নিহত হয় আৰ্বি দৈমাৰী নামৰ কণমানিগৰাকী।

ঘটনাক কেন্দ্ৰ কৰি উত্তেজনাৰ সৃষ্টি হয় সমগ্ৰ অঞ্চলত। উত্তেজিত ৰাইজে ১৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি বনকৰ্মীৰ এনে কাৰ্যক গৰিহণা দিয়ে । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত চক্ৰ বিষয়া ডিম্পী বৰা উপস্থিত হয় যদিও উত্তেজিত ৰাইজে বহু সময় ধৰি আবদ্ধ কৰি ৰাখে চক্ৰ বিষয়াগৰাকীক।

ঘটনাক কেন্দ্ৰ কৰি শনিবাৰেও অঞ্চলটোত প্ৰতিবাদ অব্যাহত ৰাখিছে স্থানীয় ৰাইজে। ঘটনা সন্দৰ্ভত শীঘ্ৰেই তদন্তৰ আহ্বান জনাইছে স্থানীয় ৰাইজে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × one =

Back to top button