Internationalখেলবিশ্ব

ফিফা বিশ্বকাপত মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ!

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে ফিফা ২০২৬ক লৈ কিছু অনিশ্চয়তাৰো সৃষ্টি হৈছে। অৱশ্যে এনে অনিশ্চয়তাই ফুটবলৰ মহাৰণ আয়োজনত কোনো প্ৰভাৱ নেপেলাই বুলি আয়োজকসকলে ফুটবল অনুৰাগীক আশ্বাস দিছে।

২০২৬ৰ ফিফা বিশ্বকাপত ইৰাণৰ দলক অংশগ্ৰহণত বাধা নিদিয়ে আমেৰিকাই। আমেৰিকাৰ পৰৰাষ্ট্ৰ সচিব মাৰ্কো ৰুবিঅ’ই এই কথা প্ৰকাশ কৰিছে। ২০২৬ৰ ফুটবল মহাৰণ আমেৰিকা, মেক্সিকো, কানাডাত অনুষ্ঠিত হ’ব। এই ৩ দেশৰ ১৬ খন চহৰত অনুষ্ঠিত হ’ব ফুটবলৰ মহাৰণ।

ইয়াৰ মাজত আমেৰিকাৰ ১১ খন চহৰ, মেক্সিকোৰ ৩ খন চহৰ, কানাডাৰ দুখন চহৰত অনুষ্ঠিত হ’ব প্ৰতিযোগিতাৰ মেচ। ৪৮ খন দেশে অংশগ্ৰহণ কৰিব ফিফা ২০২৬ ফুটবলৰ মহাৰণত। অহা ১১ জুনৰ পৰা ১৮ জুলাইলৈকে এই প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

ইতিমধ্যে প্ৰতিযোগিতাৰ ব্যাপক আয়োজন চলিছে। কিন্তু মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে ফিফা ২০২৬ক লৈ কিছু অনিশ্চয়তাৰো সৃষ্টি হৈছে। অৱশ্যে এনে অনিশ্চয়তাই ফুটবলৰ মহাৰণ আয়োজনত কোনো প্ৰভাৱ নেপেলাই বুলি আয়োজকসকলে ফুটবল অনুৰাগীক আশ্বাস দিছে। তাৰ মাজত আমেৰিকাৰ পৰৰাষ্ট্ৰ সচিব মাৰ্কো ৰুবিঅ’ৰ ইৰাণ সম্পৰ্কীয় মন্তব্যই আশ্বস্ত কৰিছে ফুটবল অনুৰাগীক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × two =

Back to top button