অপৰাধবলিউড

বিপদত ৰণবীৰ-দীপিকা, শিল্পা-ৰাজকুন্দ্ৰাৰ পাছত এইবাৰ ৰণবীৰ-দীপিকাৰ বিৰুদ্ধে উঠিছে প্ৰৱঞ্চনাৰ অভিযোগ; কিন্তু কিয়?

ভাৰতীয় দণ্ডবিধিৰ আইপিচি ধাৰা ৪০৬(অপৰাধমূলক বিশ্বাস ভঙ্গ), ৪২০(প্ৰৱঞ্চনা) আৰু ১২০-বি (অপৰাধমূলক ষড়যন্ত্ৰ)ৰ অধীনত ছবিখনৰ নিৰ্মাতাসকলৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ দাবী জনাইছে Future Resource FZEয়ে। অভিযোগ অনুসৰি, UAEৰ এজন ফাইনেঞ্চাৰে ছবিখনত বিনিয়োগ কৰিছিল প্ৰায় ১৬ কোটি টকা। Vibri Mediaৰ দ্বাৰা ভাল লাভৰ প্ৰতিশ্ৰুতি লাভ কৰিছিল ফাইনেঞ্চাৰে।পিছে অভিযোগকাৰীক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ 83 চিনেমাৰ নিৰ্মাতাৰ বিৰুদ্ধে অভিযোগ তুলিছে UAEৰ ফাইনেঞ্চাৰজনে।

বলিউডৰ ছবি নিৰ্মাতাসকল সমালোচনাৰ মাজলৈ অহাটো কোনো নতুন কথা নহয়। প্ৰায়ে ছবিৰ কাহিনী, চৰিত্ৰৰ বাবে সমালোচনাৰ মাজত সোমাই পৰে প্ৰযোজক, পৰিচালক অথবা অভিনেতা, কলা-কুশলী। পিছে এইবাৰ অন্য এক বিতৰ্কত সোমাই পৰিছে বলিউডৰ নতুন ছবি ’83’ৰ নিৰ্মাতাসকল।

১৯৮৩ চনৰ বিশ্বকাপত ভাৰতৰ বিজয়ৰ আধাৰত নিৰ্মিত, কবীৰ খানৰ দ্বাৰা পৰিচালিত ’83’ ছবিখনৰ নিৰ্মাতাৰ বিৰুদ্ধে ইতিমধ্যে ৰুজু হৈছে এক গোচৰ। এই অভিযোগত সাঙুৰ খাই পৰিছে অভিনেত্ৰী দীপিকা পাডুকনৰো নাম। উল্লেখ্য যে, দীপিকা ছবিখনৰ এজন অন্যতম প্ৰযোজক হোৱাৰ বাবেই এই অভিযোগত সাঙুৰ খাই পৰিছে অভিনেত্ৰীগৰাকীৰ নাম।
অধেৰী মেট্ৰ’পলিটান মেজিষ্ট্ৰেটৰ আদালতত UAEৰ ফাইনেঞ্চ কোম্পানীয়ে ছবিখনৰ নিৰ্মাতা সকলৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ দাখিল কৰিছে। 83ৰ নিৰ্মাতা কবীৰ খান, চাজিদ নাদিয়াদৱালা, দীপিকা পাডুকনৰ বিৰুদ্ধে অভিযোগ তুলিছে ছবিখনৰ ফাইনেঞ্চাৰে।

বিপদত ৰণবীৰ-দীপিকা, শিল্পা-ৰাজকুন্দ্ৰাৰ পাছত এইবাৰ ৰণবীৰ-দীপিকাৰ বিৰুদ্ধে উঠিছে প্ৰৱঞ্চনাৰ অভিযোগ; কিন্তু কিয়?

ভাৰতীয় দণ্ডবিধিৰ আইপিচি ধাৰা ৪০৬(অপৰাধমূলক বিশ্বাস ভঙ্গ), ৪২০(প্ৰৱঞ্চনা) আৰু ১২০-বি (অপৰাধমূলক ষড়যন্ত্ৰ)ৰ অধীনত ছবিখনৰ নিৰ্মাতাসকলৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ দাবী জনাইছে Future Resource FZEয়ে। অভিযোগ অনুসৰি, UAEৰ এজন ফাইনেঞ্চাৰে ছবিখনত বিনিয়োগ কৰিছিল প্ৰায় ১৬ কোটি টকা। Vibri Mediaৰ দ্বাৰা ভাল লাভৰ প্ৰতিশ্ৰুতি লাভ কৰিছিল ফাইনেঞ্চাৰে।পিছে অভিযোগকাৰীক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ 83 চিনেমাৰ নিৰ্মাতাৰ বিৰুদ্ধে অভিযোগ তুলিছে UAEৰ ফাইনেঞ্চাৰজনে।

ইয়াতে উল্লেখ কৰিব পাৰি যে, চলিত বৰ্ষৰ ২৪ ডিচেম্বৰত ছবিখন ভাৰতত মুকলি কৰাৰ বাবে দিন ধাৰ্য্য কৰা হৈছে। এই ছবিখনৰ মুখ্য় চৰিত্ৰত অভিনয় কৰিছে দীপিকা পাডুকনৰ স্বামী, অভিনেতা ৰণবীৰ সিং।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 − 11 =

Back to top button