প্ৰযুক্তি

শুৱাৰ সময়ত কাণৰ কাষত মহে কুনকুনালে এতিয়াৰ পৰা আৰু চিন্তা নাই…

এই LED Lampsৰ পৰা নিৰ্গত হোৱা পোহৰে আকৰ্ষিত কৰে মহ।যাৰফলত এই লেম্পটোত আৱদ্ধ হৈ মৃত্যুমুখত পৰে মহবোৰ। মহ মাৰিবলৈ এই LED Lamp হৈছে সহজ উপায়

লাহে-লাহে আহিছে গৰমৰ দিন। গৰম বঢ়াৰ লগে-লগে বাঢ়িছে মহৰ উৎপাতো। গৰমৰ দিনটোত মহে যথেষ্ট চিন্তাত পেলায় সকলোকে। মহ খেদিবলৈ আমি যে কি কি উপায় অৱলম্বন নকৰো। মহ খেদোৱা ধূপ, মেচিন, ৰেকেট, ধূনা, ধোঁৱা ব্যৱহাৰ কৰি মহ খেদিবলৈ অহৰহ চেষ্টা অব্যাহত থাকে সকলোৰে। কিন্তু এতিয়াৰ পৰা আৰু আপোনাৰ সমস্যা নাই। ঘৰৰ পৰা আঁতৰি যাব মহ। বজাৰত উপলব্ধ মহ ধৰিব পৰা LED Lamps।

 

এই LED Lampsৰ পৰা নিৰ্গত হোৱা পোহৰে আকৰ্ষিত কৰে মহ।যাৰফলত এই লেম্পটোত আৱদ্ধ হৈ মৃত্যুমুখত পৰে মহবোৰ। মহ মাৰিবলৈ এই LED Lamp হৈছে সহজ উপায়। যদি আপোনাৰ ঘৰত মহৰ উপদ্ৰৱ বেছি হৈছে, তেন্তে আপুনি নিশ্চয়কৈ ব্যৱহাৰ কৰক এই আহিলাবিধ।

শুৱাৰ সময়ত কাণৰ কাষত মহে কুনকুনালে এতিয়াৰ পৰা আৰু চিন্তা নাই...

এতিয়া কেৱল মাত্ৰ ৬৯৯ টকাতে আপোনাৰ ঘৰত শেষ হ’ব মহ। অন কৰাৰ পিছত একেৰাহে ৮ ঘণ্টা সময় কাম কৰে এই মেচিনটোৱো। Type A USB ব্যৱহৃত এই মেচিনটো পাৱাৰ বেংকৰ সহায়েৰেও চাৰ্জ দিব পাৰি। অনলাইনযোগে গ্ৰাহকে ক্ৰয় কৰিব পাৰিব এই মহ মৰা মেচিনটো। এই LED লেম্পত আছে তিনিটা এণ্টি-এক্সেছ ডিজাইন, যিয়ে মহক আকৰ্ষিত কৰে। এই মেচিনটোত মহ সোমোৱাৰ পাছত আৱদ্ধ হৈ অৱশেষত মৰি যায়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine − 3 =

Back to top button