অসমচাকৰি

আপুনি যদি চৰকাৰী চাকৰিয়াল হৈ এই কাম কৰিছে, তেন্তে কৰ্তন হ’ব পাৰে আপোনাৰ দৰমহা…

প্ৰতিখন সুলভ মূল্যৰ দোকানলৈ পত্ৰ প্ৰেৰণ চৰকাৰৰ।

ঘৰৰ প্ৰয়োজনীয় খাদ্য সামগ্ৰী ক্ৰয় কৰিবৰ বাবে সুলভ মূল্যৰ দোকানলৈ আপোনালোক বহুতেই নিশ্চয় যায়। কিন্তু আপুনি যদি সুলভ মূল্যৰ দোকানৰ সুবিধা গ্ৰহণ কৰি আছে, তেন্তে সাৱধান। কিয়নো সুলভ মূল্যৰ দোকানলৈ চৰকাৰৰ কঠোৰ নিৰ্দেশ। চৰকাৰৰ নিৰ্দেশৰ পাছতে কঠোৰ হৈছে কলিয়াবৰ যোগান বিভাগ।

 

প্ৰতিখন সুলভ মূল্যৰ দোকানলৈ পত্ৰ প্ৰেৰণ চৰকাৰৰ। যিসকল চৰকাৰী চাকৰিয়ালে সুলভ মূল্যৰ দোকানৰ সা-সুবিধা লাভ কৰি আছে, সেইসকলে ১৫ মাৰ্চৰ ভিতৰত ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড। কাৰ্ড ঘূৰাই নিদিলে কৰ্তন হ’ব পাৰে চৰকাৰী চাকৰিয়ালৰ দৰমহা। ইতিমধ্যে, চৰকাৰী চাকৰি কৰা লোকসকলৰ তালিকা প্ৰস্তুত কৰিছে এজেণ্টে। নিৰ্দিষ্ট সময়ৰ ভিতৰত ৰেচন কাৰ্ড ঘূৰাই নিদিলে আইনগত ব্যৱস্থা ল’ব চৰকাৰে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 − one =

Back to top button