ভাৰতৰাজনৈতিক

মোডীৰ নেতৃত্বত ২০২৪ৰ নিৰ্বাচনলৈ সাজু বিজেপি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বতে ২০২৪ৰ সংসদীয় নিৰ্বাচনত অৱতীৰ্ণ হ'ব শাসনাধিষ্ঠিত বিজেপি।

২০২৪ৰ সংসদীয় নিৰ্বাচনৰ বাবে কুচকাৱাজ আৰম্ভ কৰিছে বিজেপি দলে। দেওবাৰে পাটনাত হৈ যোৱা বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত এই কথা স্পষ্ট কৰিছে দলটোৰ কেন্দ্ৰীয় নেতৃত্বই।

পাটনাত হৈ হোৱা বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত দেশৰ গৃহমন্ত্ৰী তথা বিজেপিৰ শীৰ্ষ নেতা অমিত শ্বাহে স্পষ্টভাৱে এই কথা উল্লেখ কৰে। তদুপৰি দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিঙেও একেই মন্তব্য প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বতে বিজেপিৰ মিত্ৰজোঁটে সংসদীয় নিৰ্বাচনত অৱতীৰ্ণ হ’ব। অৱশ্যে ২০২৪ত এনডিএৰ প্ৰধানমন্ত্ৰী পদৰ দাবীদাৰ সম্পৰ্কত কোনো মত প্ৰকাশ নকৰিলে দলটোৰ শীৰ্ষ নেতৃত্বই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 − six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.