AssamGovernment SchemeHimanta Biswa SarmaInternationalInternationalnationalnorth eastPMo indiaRegionalSocialSocial Networkঅসমআন্তঃৰাষ্ট্ৰীয়গুৱাহাটীৰাজনৈতিক

ছ’চিয়েল মিডিয়াত ভাইৰেল ”মোডী কা পৰিবাৰ”

বিজেপিৰ জ্যেষ্ঠ নেতাসকলে কিয় লিখিলে ''মোডী কা পৰিবাৰ"

বিজেপিৰ প্ৰায় প্ৰতিগৰাকী নেতাই ছ’চিয়েল মিডিয়াত নামৰ লগত সংযোগ কৰিছে ”মোডী কা পৰিবাৰ” । আচলতে কিয় লিখিছে বি জে পিৰ নেতাসকলে ? বিগত ২০১৯ লোকসভা নিৰ্বাচনৰ সময়ত সকলো বি জে পি নেতাই লিখিছিল “মই চৌকিদাৰ” বুলি আজিৰ “X”ৰ সকলো প্ৰফাইলত সকলোয়ে লিখিলে ”মোডী কা পৰিবাৰ”(মোডীৰ পৰিয়াল) বুলি । অমিত শ্বাহ, নড্ডাকে ধৰি সকলো বিজেপি নেতাই সলনি কৰিলে নিজৰ প্ৰফাইল । সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয় তেলেংগানাত এক জনসভা সম্বোধন কৰি লালু প্ৰসাদ যাদৱক কটাক্ষ কৰি মোডীয়ে কৈছিল- “মোক মোৰ পৰিয়ালৰ বাবে লক্ষ্য কৰা হৈছিল । কিন্তু এতিয়া সমগ্ৰ দেশে কৈছে যে মই মোডীৰ পৰিয়াল,” । তেওঁ কয় যে পাৰিবাৰিক দলৰ মুখবোৰ বেলেগ হ’ব পাৰে কিন্তু চৰিত্ৰটো একে । মোডীয়ে কয়, মোৰ জীৱনটো এটা খোলা কিতাপৰ দৰে। মই শৈশৱতে এটা সপোন লৈ ঘৰ এৰিছিলো, মই দেশবাসীৰ বাবে জীয়াই থাকিম। মোৰ প্ৰতিটো পল আপোনালোকৰ বাবে । মোৰ কোনো ব্যক্তিগত সপোন নাই । আপোনালোকৰ সপোনেই মোৰ সংকল্প । আপোনালোকৰ সপোন পূৰণ কৰিবলৈ জীৱন ত্যাগ দিম । দেশৰ কোটি কোটি জনতাই মোক নিজৰ বুলি ভাৱে । নিজৰ পৰিয়ালৰ সদস্য বুলি ভাৱে । ১৪০ কোটিৰ দেশবাসীয়ে মোৰ পৰিয়াল । মোডীৰ এই মন্তৱ্যৰ আগতে লালু প্ৰসাদ যাদৱে মোডীক কটাক্ষ কৰি কৈছিল যে, মোডী কি? মোডী কোনো বস্তু নহয়, মোডীৰ ওচৰত পৰিয়ালে নাই। আৰে ভাই! কোৱানা তোমাৰ পৰিয়ালৰ কোনো সন্তান কিয় নাই? এই মন্তৱ্যৰ পিছতে আজি “X”ৰ সকলো প্ৰফাইলত বিজেপিৰ নেতা কৰ্মীয়ে লগালে ”মোডী কা পৰিবাৰ”।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 − 5 =

Back to top button