চলন্ত বা উৰন্ত নহয়, চাঁওক ভাঁহি থকা বাহন
উৰন্ত গাড়ীৰ কথা নাজানো কিন্তু ২০২২ ত ভাঁহি ফুৰা গাড়ী সহজলভ্য হৈছে।
![চলন্ত বা উৰন্ত নহয়, চাঁওক ভাঁহি থকা বাহন চলন্ত বা উৰন্ত নহয়, চাঁওক ভাঁহি থকা বাহন](https://prathamkhabartv.com/wp-content/uploads/2022/08/flood.jpg)
প্ৰযুক্তিৰ শীৰ্ষ দৌৰত বিশ্বই দৌৰি থকাৰ মাজতেই আমাৰ দেশো পিছপৰি থকা নাই। আমাৰ দেশত উৰন্ত বাহনৰ কথা কৈ থকা হৈছে যদিও এতিয়ালৈকে উৰন্ত বাহন দেখিবলৈ পোৱা হোৱা নাই। কিন্তু ইয়াৰ মাজতেই টুইটাৰত ভাইৰেল হৈ পৰা এটা দৃশ্যই এই কথা পুনৰবাৰ সোঁৱৰাই দিছে।
দৰাচলতে লক্ষ্ণৌৰ পৰা ভাইৰেল হৈ পৰা এটা দৃশ্যাংশত দেখিবলৈ পোৱা গৈছে ইয়াৰ বিপৰীত দৃশ্য। আৰিব উদ্দিন নামৰ ব্যক্তিগৰাকীয়ে পষ্ট কৰা টুইটোত পানীত ওপঙি থকা বাহন দেখিবলৈ পোৱা গৈছে। টুইটটো বৰ্তমানলৈ ৭৩১ বাৰ ৰিটুইট কৰা হৈছে আৰু ৩ হাজাৰৰো অধিক লোকে লাইক কৰিছে।