অসম

নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানি গুচি গ’ল ডেকা সত্ৰাধিকাৰ দুৰ্লভ দেৱগোস্বামী, উকা হৈ ৰৈছে শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰ…

জটিল ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল সত্ৰাধিকাৰগৰাকী। চিকিৎসাধীন অৱস্থাতে ICUত ভৰ্তি হৈ থকাৰ সময়ত শনিবাৰে পুৱতি নিশা শেষ নিশ্বাস ত্যাগ কৰে ডেকা সত্ৰাধিকাগৰাকীয়ে।

নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানি মৃত্যুক সাৱটিলে ঢকুৱাখনাৰ ডেকা সত্ৰাধিকাৰে। শেষ নিশ্বাস ত্যাগ কৰিলে ডেকা সত্ৰাধিকাৰ দুৰ্লভ দেৱগোস্বামীয়ে। উত্তৰ-পূবৰ এখন অন্যতম বিখ্যাত বৈষ্ণৱপীঠ শ্ৰীশ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ বিশিষ্ট সত্ৰীয়া শিল্পী আৰু বাসুদেৱ মন্দিৰৰ পূজাৰী তথা সত্ৰ উন্নয়ন সমিতিৰ প্ৰাক্তন সম্পাদক দুৰ্ল্লভ দেৱগোস্বামী দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল গুৱাহাটীৰ ব্যক্তিগত চিকিৎসালয় নেমকেয়াৰ হাস্পতালত৷

 

জটিল ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল সত্ৰাধিকাৰগৰাকী। চিকিৎসাধীন অৱস্থাতে ICUত ভৰ্তি হৈ থকাৰ সময়ত শনিবাৰে পুৱতি নিশা শেষ নিশ্বাস ত্যাগ কৰে ডেকা সত্ৰাধিকাগৰাকীয়ে।

 

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ নেমকেয়াৰ হাস্পতালত ভৰ্তি হৈ আছিল দুৰ্লভ দেৱগোস্বামীদেৱ। মৃত্যুৰ সময়ত সত্ৰাধিকাৰগৰাকীৰ বয়স আছিল ৭১ বছৰ। মৰণোত্তৰভাৱে তেখেতে এৰি গৈছে পত্নী আৰু পুত্ৰৰ লগতে সত্ৰৰ বৈষ্ণৱ ভকতসকলক। বাসুদেৱ থান নৰোৱা সত্ৰৰ ডেকা সত্ৰাধিকাৰ দুৰ্লভ দেৱগোস্বামীৰ মৃত্যুত এতিয়া অঞ্চলজুৰি পৰিছে শোকৰ ছাঁ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.