Assambihubohag bihuRegionalSocial

বিহু আৰু সত্ৰীয়া নৃত্যৰ দীর্ঘতম ৰিলে ভাৰতৰ নম্বৰ ১ আল্‌ট্রাটেক চিমেণ্টৰ বিহুত অভিলেখ সৃষ্টি

বিহু আৰু সত্ৰীয়া নৃত্যৰ ৰিলে ইতিহাসত নিজৰ নাম লিপিবদ্ধ কৰিছে

অসমৰ সাংস্কৃতিক ঐতিহ্যৰ এক অনুনাদশীল উদযাপনৰ সৈতে সংগতি ৰাখি ভাৰতৰ নম্বৰ ১ আল্ট্রাটেক চিমেন্ট লিমিটেডে গুৱাহাটীৰ প্রতিষ্ঠিত লতাশিল খেলপথাৰত ১৪ এপ্ৰিলৰ পৰা ১৭ এপ্রিল, ২০২৫ তাৰিখলৈ চাৰি দিনধৰি অনুষ্ঠিত হোৱা বিহু অনুষ্ঠানত বিহু আৰু সত্ৰীয়া নৃত্যৰ দীর্ঘতম ৰিলে প্ৰদৰ্শন কৰি ইতিহাসত নিজৰ নাম লিপিবদ্ধ কৰিছে।

এই অনুষ্ঠানটোত অসমৰ প্রখ্যাত নৃত্য বিহু আৰু সত্ৰীয়াৰ চাৰিদিনৰ নিৰৱচ্ছিন্ন প্রদর্শন ৰাজ্যজুৰি প্রতিভাশালী শিল্পীসকলৰ দ্বাৰা ৰিলে ফর্মেটত সম্পাদন কৰা হৈছিল। প্রতিদিনে কেইবাঘণ্টা জুৰি হোৱা নিৰন্তৰ নৃত্যই এক মন্ত্রমুগ্ধ পৰিৱেশৰ সৃষ্টি কৰিছিল য’ত ৰঙালী বিহুৰ সত্ত্বা চৌদিশে উজ্জীৱিত হৈ পৰিছিল।

অঞ্চলটোৰ গভীৰ পৰম্পৰাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি অসমৰ শতিকা পুৰণি পৰম্পৰাগত স্থাপত্যৰ দ্বাৰা অনুপ্রাণিত হৈ সুন্দৰভাৱে এক অসম শৈলীৰ ঘৰৰ পটভূমিত নিৰ্মাণৰ এক ছেটআপৰ সৃষ্টি কৰা হয়। এই ছেটআপটোৱে অসমৰ কালজয়ী ডিজাইন সংবেদনশীলতা আৰু সাংস্কৃতিক সমৃদ্ধিৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ লগতে উৎসৱৰ সজ্জা তথা সাংকেতিক বিৱৰণৰ সৈতে জীৱন্ত কৰি তুলিছে।

১৭ এপ্ৰিলৰ সন্ধিয়া এই সাফল্যক এক সন্মানীয় ৰাষ্ট্ৰীয় প্রমাণপত্র সংস্থা ইন্ডিয়া বুক অব্ ৰেকৰ্ডছে আনুষ্ঠানিকভাৱে স্বীকৃতি প্রদান কৰে। সংগঠনটোৰ এজন কাৰ্যবাহী বিচাৰক, শ্ৰীযুত সঞ্জয় ভোলা ধীৰে শ্রীপি ভি ৰমেশ পাটনায়ক আঞ্চলিক মুৰব্বী উত্তৰ-পূবৰ মুৰব্বী, শ্ৰীযুত সম্রাট সেনগুপ্তা সহকাৰী উপাধ্যক্ষ- ব্রেন্ড বিল্ডিং-য়ে প্রতিনিধিত্ব কৰা ভাৰতৰ নম্বৰ ১ আল্ট্রাটেক চিমেন্ট লিমিটেডলৈ ‘দীর্ঘতম ৰিলে’ৰ ৰেকৰ্ডৰ প্ৰমাণপত্ৰ প্ৰদান কৰে। এয়া অসমৰ জনসাধাৰণৰ বাবে এক গৌৰৱান্বিত তথা ঐতিহাসিক মুহূর্ত হিচাপে বিবেচিত হৈছে।

এই অভিলেখ স্থাপনৰ প্ৰচেষ্টাৰ সৈতে, ভাৰতৰ নম্বৰ ১ আল্ট্রাটেক চিমেন্টে আকৌ এবাৰ অৰ্থপূর্ণ ৰাজহুৱা কাৰ্যসূচী তথা সাংস্কৃতিক সংৰক্ষণৰ প্ৰতি ইয়াৰ সমৰ্পণ মনোভাৱ প্রদর্শন কৰিছে। উল্লেখ্য, এই অনুষ্ঠানটো ব্রেন্ড টু পিপল ইন্টিগ্রেটেড ছলিউচনৰ দ্বাৰা পৰিকল্পনা আৰু কাৰ্যকৰী কৰা হৈছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen − fourteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.