জীৱনশৈলীস্বাস্থ্য

এইকেইটা লক্ষণ দেখা দিলে লগে লগে লিভাৰ পৰীক্ষা কৰাই লওক! হ’ব পাৰে কোনো ডাঙৰ ৰোগৰ আগজাননী

আহক আমি জানো লিভাৰ বেয়া হোৱাৰ পুৰ্বৰ মন কৰিবলগীয়া কেইটামান লক্ষ

এইকেইটা লক্ষণ দেখা পালে আপোনাৰ লিভাৰ পৰীক্ষা কৰাওক:
মানৱ দেহত লিভাৰ এটা অপৰিহাৰ্য্য অংগ। এই লিভাৰ বা যকৃত আমাৰ পেটৰ সোকাষে থাকে।
আমি খোৱা পানী যেনেদৰে ফিল্টাৰ কৰি বিশুদ্ধ কৰি লও, ঠিক তেনেদৰে লিভাৰটোৱেও শৰীৰত জমা হোৱা আবৰ্জনাবোৰ নিস্কাষণ কৰি আমাৰ দেহত তেজ পৰিস্কাৰ কৰি শৰীৰটোক সূস্থ কৰি ৰখাৰ গুৰুত্ব পুৰ্ণ ভূমিকা পালন কৰে।
তাৰোপৰি আঘাট বা কটা-চিঙাৰ ঘাঁ শুকোৱা, শৰীৰত হৰমণৰ মাত্ৰা নিয়ন্ত্ৰন কৰা,
খাদ্যত থকা ভিটামিন গ্ৰহন কৰা, শৰীৰৰ ওজন বৃদ্ধি কৰা বা কমোৱা আৰু মাংসপেক্ষী নিৰ্মাণ কৰা, কলেষ্টৰেল আৰু চুগাৰৰ ভাৰাসাম্য ৰক্ষা কৰি প্ৰয়োজনীয় ভিটামিন আৰু মিনাৰেল জমা কৰি ৰখা। ঔষধ, বিষাক্ত প্ৰদাৰ্থ আৰু অখাদ্যৰ প্ৰদুভাৱৰ পৰা আমাৰ শৰীৰক ৰক্ষা কৰা আদি প্ৰায় ৪০০শতকৈও বেছি কাম পৰোক্ষ বা প্ৰতক্ষ্যভাৱে আমাৰ লিভাৰে সম্পাদন কৰে।
একেলগে ইমানবোৰ কাম সম্পাদন কৰা লিভাৰকো অতিৰিক্ত যত্নৰ প্ৰয়োজন। লিভাৰটোৰ ভালদৰে যত্ন নল’লে ধিৰে ধিৰে নানান সমস্যাই দেখা দিব ধৰে।
আহক আমি জানো লিভাৰ বেয়া হোৱাৰ পুৰ্বৰ মন কৰিবলগীয়া কেইটামান লক্ষণঃ-

চকু, চাল আৰু প্ৰস্ৰাবৰ ৰং পৰিৱৰ্ত হোৱাঃ-যেতিয়া আমাৰ চকু, চাল আৰু প্ৰস্ৰাবৰ ৰং হালধীয়া হ’বলৈ ধৰে তেনে অৱস্থাক জণ্ডিছ বা পাণ্ডু ৰোগৰ লক্ষণ বুলি ধৰা হয়। কিন্ত আপুনি জানে নে, জণ্ডিছ এক লিভাৰজনিত সমস্যা।

মূখৰ দূগৰ্ন্ধ হোৱাঃ- এনেকুৱা বহু বস্তু আছে যিবোৰ খালে মূখৰ দূগৰ্ন্ধ হয়। কিন্তু বহু পৰিস্থিতিত মূখ পৰা উলোৱা দূগৰ্ন্ধত লিভাৰৰ বিসংগতিৰ অন্যতম কাৰণ হ’ব পাৰে।

গেছ, এচিডিটি, বদ হজনম স্তমাকৰ সমস্যাঃ-সঘনাই পেট বেয়া হোৱা, সঘনাই গেছ, এচিডিটি হোৱা আৰু টেঙা ওগাৰ অহা, খাদ্য ভালদৰে হজম নোহোৱা, বমি বমি ভাব হোৱা আদি লিভাৰ বেয়া হোৱা প্ৰাৰম্ভিক লক্ষণ হ’ব পাৰে।

ভাগৰ আৰু দূৰ্বল অনুভৱ কৰাঃ- যেতিয়া আমাৰ লিভাৰ বেয়া হ’বলৈ ধৰে তেতিয়া আৰম্ভনি দিনৰ পৰাই বেছি ভাগৰ আৰু বেছি এলাহ ভাৱ হ’বলৈ ধৰে।

ভোক কমকৈ লগাঃ- এনেকুৱা বহু শাৰীৰিক সমস্যা আছে যত আমাৰ ভোক লগা বা খাদ্যৰ প্ৰতি অৰুচি হয়। লিভাৰ বেয়া হোৱাটো ইয়াৰ এক প্ৰধাণ কাৰণ। যেতিয়া আমাৰ লিভাৰে ভালদৰে কাম নকৰে তেতিয়া ইয়াৰ প্ৰভাৱ আমাৰ পৰিপাক ক্ৰিয়াত পৰে। খাদ্য ভালদৰে হজম নোহোৱাৰ কাৰণে লাহে লাহে ভোক কম হ’বলৈ ধৰে।

অত্যন্ত ঘাম হোৱাঃ-কমযোৰীৰ বাবে আমাৰ লিভাৰত তাপ বৃদ্ধি হয়। যি আমাৰ গোটেই শৰীৰত তাপমাত্ৰাও বঢ়াই দিয়ে। গৰম বৃদ্ধি হোৱাৰ বাবে ঘাম বৃদ্ধি হ’বলৈ ধৰে। যি সকল লোকৰ লিভাৰে ভালদৰে কাম নকৰে তেওঁলোকৰ শৰীৰত আন লোকত কৈ ঘামৰ পৰিমাণ বেছি হোৱা দেখা যায়। ইত্যাদি

দীৰ্ঘ সময় ধৰি যদি লিভাৰৰ লক্ষণ সমূহ মন কৰা নহয় বা অৱহেলা কৰা হয় তেতিয়া লিভাৰ বেয়া হ’বলৈ ধৰে। সেয়েহে লিভাৰৰ যিকোনো সমস্যাই দেখা দিলেই সোনকালেই ব্যৱস্থা ল’ব লাগে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine + 20 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.