অসমগুৱাহাটীজীৱনশৈলীদৈনিক বাতৰিভাৰত

এজন দৰিদ্ৰ লোকৰ কৰুণ কাহিনী, আজিলৈ চৰকাৰী আঁচনিয়ে ঢুকি নাপালে লোকজনক

ৰাজ্য চৰকাৰে দৰিদ্ৰ নিৰ্মূলৰ বাবে বিভিন্ন অভিলাষী আঁচনি ৰূপায়ণ কৰিছে যদিও এতিয়াও যেন ঢুকি পোৱা নাই বহু প্ৰকৃত হিতাধিকাৰীক।

তেনে এক কৰুণ কাহিনী সংঘটিত হৈছে যোগীঘোপাত।

বিশেষভাৱে সক্ষম বৰপাৰা গাঁৱৰ আব্দুল্লাহ তালুকদাৰ নামৰ লোকজনে আজিলৈকে লাভ নকৰিলে চৰকাৰী কোনো আঁচনি।

অতি দৰিদ্ৰ অন্ধ এইগৰাকী লোকে ভিক্ষা মাগি কোনোমতে ভৰণ–পোষণ দিছে পৰিয়াল।

তৰ্জা বেৰৰ জৰাজীৰ্ণ বাসগৃহতে জীৱন নিৰ্বাহ কৰিছে তিনিজনীয়া পৰিয়ালটোৱে।

পঞ্চায়ত সভাপতি, স্থানীয় জনপ্ৰতিনিধিক বাৰম্ৱাৰ অনুৰোধ কৰিও নাপালে এটা চৰকাৰী গৃহ।

নাপালে এটা অনাময় আঁচনিৰ শৌচালয়ো।

সাহাৰ্য্যৰ বাবে চৰকাৰলৈ কাতৰ অনুৰোধ ভুক্তভোগী লোকজনৰ লগতে স্থানীয় ৰাইজৰ।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 − four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.