দুৰ্ঘটনা

জিৰ’ত প্ৰাণ হেৰুৱালে অসমৰ যুৱকে, ফুৰিবলৈ গৈ মৃত্যুক সাবটিলে ৪ সুঠাম যুৱকে…

দিৰাং পাহাৰত সংঘটিত হোৱা ভয়ংকৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে ক্ৰমে নয়ন বসুমতাৰী, বেদান্ত, সোণাপুৰৰ হিৰক বড়ো আৰু ৰঙাপাৰাৰ সঞ্জীৱ দাসৰ। 

অৰুণাচলৰ জিৰ’ত অঘটন। ফুৰিবলৈ গৈ প্ৰাণ হেৰুৱালে অসমৰ ৪ যুৱকে। তিনিদিনৰ মূৰত অৱশেষত সন্ধান ওলাল অসমৰ যুৱকৰ।

 

১৯ জুলাইত ফুৰিবৰ বাবে অৰুণাচললৈ গৈছিল নগাঁৱৰ ৪জন যুৱক। কিন্তু দুৰ্ভাগ্যবশতঃ জিৰ’ পইণ্টৰ পৰা ২০০ ফুট তলত পৰেগৈ যুৱককেইজনৰ বাহনখন। দিৰাং পাহাৰত সংঘটিত হোৱা ভয়ংকৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে ক্ৰমে নয়ন বসুমতাৰী, বেদান্ত, সোণাপুৰৰ হিৰক বড়ো আৰু ৰঙাপাৰাৰ সঞ্জীৱ দাসৰ।

 

উল্লেখ্য যে, ১৯ জুলাই, মঙলবাৰৰ পৰা সন্ধানহীন হৈ আছিল যুৱককেইজন। দিৰাং পাহাৰত উদ্ধাৰ কৰা যুৱককেইজনৰ মৃতদেহৰ সমীপতে পোৱা গৈছে যুৱককেইজনে চলাই যোৱা বাহনখন।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine − four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.