অসমআঞ্চলিকজীৱনশৈলী

নদীৰ বুকুত জীৱনৰ সন্ধান। হাতুৰীৰ কোবত চলে তেওঁলোকৰ জীৱন

শিলৰ কুৱেৰীত পিষ্ট এহাল বৃদ্ধ দম্পত্তিৰ জীৱন

এহাল বৃদ্ধ দম্পত্তিৰ জীৱন কাহিনী এইয়া। শিলৰ কুৱেৰীত পিষ্ট তেওঁলোকৰ জীৱন ৷ নদীৰ বুকুত জীৱনৰ সন্ধান কৰা বৃদ্ধ দম্পত্তিহালৰ জীৱন চলে হাতুৰীৰ কোবত। পুত্ৰহাৰা বৃদ্ধ দম্পত্তিহালৰ জীৱন- জীৱিকাৰ একমাত্ৰ সম্বলে হৈছে নৈখনৰ বুকুত থকা শিলবোৰ ৷ শিল বিক্ৰী কৰিয়ে পোহপাল দিয়ে পৰিয়াল।

 

বাক্সা জিলাৰ ভাৰত- ভূটান সীমান্তৰ সূৱণখাটাৰ বেলশ্ৰী গাঁওৰ বাসিন্দা এই বৃদ্ধ দম্পত্তিহাল। প্ৰায় সত্তৰ উৰ্ধৰ দম্পত্তিদ্বয়ৰ নাম মেবলা বসুমতাৰী আৰু মনিকা বসুমতাৰী। দিনৰ দিনটো তেওঁলোকে দিৰিং নদীৰ বুকুত চলাই জীৱনৰ সন্ধান ৷ জীয়াই থকাৰ তাড়নাত ৰ’দ, বতাহকো নেওচি কৰে কঠোৰ সংগ্ৰাম। হাতুৰীৰ কোবত ভাঁহি আহে দম্পত্তিহালৰ হুমুনিয়াহ ৷ ঘৰ্মাক্ত দেহত ফুটি উঠে দৰিদ্ৰতা৷ কিন্তু দূখৰ বিষয় যে, দম্পত্তিহালে আজিলৈকে লাভ কৰা নাই কোনো চৰকাৰী সাহাৰ্য্য৷ লাভ নকৰিলে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ৷ ৰুগ্ন দেহাৰে শিল ভঙা বৃদ্ধা মনিকাৰ চিকিৎসা কৰিবলৈও নাই ধন৷ কিয়নো শিল ভাঙি যি কেই টকা পাই সেই টকাৰে কিনে ভোকৰ ভাতমুঠি। আৰু যদি শিল নাভাঙে তেন্তে নাপায় ধন৷ সেয়ে ৰুগ্ন দেহাৰেই পতি-পত্নী দুয়োৱে নৈখনৰ বুকুত চলাই আহিছে এই কঠোৰ সংগ্ৰাম৷ এই বৃদ্ধ দম্পত্তিহালে শিল ভাঙি দুদিনত লাভ কৰে ৩৫০ টকা। আৰু সেই টকাৰেই দুই বোৱাৰী আৰু তিনি নাতিৰ সৈতে পোহপাল দিয়ে পৰিয়ালটো৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × five =

Back to top button