অসম আৰক্ষী

মহানগৰ আৰক্ষীৰ দায়িত্ব লোৱাৰ পাছতে দিগন্ত বৰাই কৰিলে এই বিস্ফোৰক মন্তব্য

'মহানগৰবাসীয়ে অলপ ভয় খাইছে। কিন্তু, ভয় খাব নালাগে।'

মহানগৰ আৰক্ষীৰ দায়িত্ব লোৱাৰ পাছত প্ৰথমবাৰৰ বাবে সংবাদমেল সম্বোধন কৰে দিগন্ত বৰাই। সংবাদমেলখনত গুৱাহাটী মহানগৰত সংঘটিত অপৰাধজনিত ঘটনাক লৈ মন্তব্য কৰে আৰক্ষী অধীক্ষকজনে। মহানগৰবাসীয়ে অলপ ভয় নাখাবলৈও আশ্বাস দিয়ে। তেঁও সংবাদমেলখনত কয় যে, ‘মহানগৰত অপৰাধৰ সংখ্যা আগতকৈ বেছি হৈছে। চেইন চুৰি, গাড়ী চোৰৰ সংখ্যা বাঢ়িছে। যাৰ বাবে মহানগৰবাসীয়ে অলপ ভয় খাইছে এইকেইদিনত। কিন্তু ইমানো বঢ়া নাই। ভয় খাব নালাগে। যোৱা সপ্তাহটোত ৫টা মান চেইন চুৰি কাণ্ড হৈছে গুৱাহাটীত। চোৰকো কৰায়ত্ত কৰিছো। এনে ঘটনা ৰোধ কৰিবলৈ আৰক্ষী সক্ষম হ’ম বুলি বিশ্বাসী।

 

 

মহানগৰীত সংঘটিত কেইবাটাও গাড়ী চুৰি কাণ্ডক লৈও মন্তব্য দিগন্ত বৰাৰ। তেঁও কয় যে, বহুক্ষেত্ৰত আমি গাড়ী উদ্ধাৰ কৰিবলৈও সক্ষম হৈছো। ১৭ খনমান গাড়ী চোৰে নিছিল। তাৰে ৭খন মান উদ্ধাৰ কৰিবলৈ সক্ষম হৈছো আমি। মহানগৰবাসীৰ সৈতে গুৱাহাটী আৰক্ষী সদায় লগত আছে, থাকিম। এনেধৰণৰ ঘটনা ৰোধ কৰিবলৈ আমি সক্ষম হ’ম।
দুই এটা ঘটনাত পিষ্টল দেখুওৱা হৈছে। অবৈধভাৱে লোৱা পিষ্টল ক’ৰ পৰা আহিছে, কেনেকৈ পালে, সকলো আমি বিচাৰি উলিয়াম। ৰাতিৰ পেট্ৰ’লিং অধিক কাঢ়া কৰা হ’ব। ১১২নম্বৰত ইমাৰজেঞ্চী কিবা হ’লে ভুক্তভোগীয়ে সহায় বিচাৰিব পাৰিব।

 

 

বাইকৰ ভুৱা নম্বৰ লৈ চেইন চোৰে সংঘটিত কৰিছে কেইবাটাও ঘটনা। তাক প্ৰতিহত কৰাৰ বাবে মহানগৰ আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে। বিগত দুদিন ধৰি ট্ৰেফিক rule enforceকৰাত অধিক গুৰুত্ব দিছে মহানগৰ আৰক্ষীয়ে। পৰিয়ালৰ মংগলৰ কথা ভাবিয়েই কোনো লোকেই যেন সুৰাপান কৰি বাহন নচলাই তাৰ বাবেও সকীয়াই দিয়ে আৰক্ষী বিষয়াজনে। গুৱাহাটীৰ ভাড়াতীয়া সকলৰ প্ৰতি মালিকপক্ষক নজৰ ৰাখিবলৈ উপদেশ দিয়াৰ লগতে কিবা সন্দেহ উপজিলে স্থানীয় আৰক্ষী চকীক জনাবলৈ সকীয়াই দিয়ে আৰক্ষী বিষয়াজনে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 + 10 =

Check Also
Close
Back to top button