Assamleatest updateSocial Networkunivers

‘নীলা চন্দ্ৰ’ চাবলৈ আপুনি সাজুনে? আজি নীলা চন্দ্ৰ দেখা নাপালে আপুনি অপেক্ষা কৰিব লাগিব ১৪ বছৰ!

আজি সন্ধিয়া ৭ বাজি ১০ মিনিটত দেখিবলৈ পাব ছুপাৰ 'ব্লু মুন'।

মাজত মাত্ৰ কেইটামান ঘন্টা। পুনৰ মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’ব বিশ্ববাসী। আকাশত দৃশ্যমান হ’ব ‘নীলা চন্দ্ৰ’। আজি সন্ধিয়া ৭ বাজি ১০ মিনিটত দেখিবলৈ পাব ছুপাৰ ‘ব্লু মুন’। অন্য দিনতকৈ অলপ ডাঙৰ আৰু উজ্জ্বল ৰূপত দেখা পাব আজিৰ জোনবাই। দৈনিক আকাৰতকৈ ১৪ শতাংশ বেছি হ’ব চন্দ্ৰৰ আকাৰ।

আগষ্ট মাহত দুটা পূৰ্ণিমা থকাৰ বাবে দেখা যাব এই ‘নীলা চন্দ্ৰ’। প্ৰথম পূৰ্ণিমা ১ আগষ্টত আৰু দ্বিতীয় পূৰ্ণিমা ৩০ আগষ্ট অৰ্থাৎ আজি হ’ব। ‘ব্লু মুন’ মানে চন্দ্ৰটো নীলা হৈ নাযায়। দৰাচলতে এটা মাহত যদি দুটা পূৰ্ণিমা থাকে তেন্তে দ্বিতীয় পূৰ্ণিমাটোক ‘ব্লু মুন’ বুলি কোৱা হয়।

এই দৃশ্য আপুনি খালি চকুৰেও চাব পাৰিব। এই দৃশ্য ২ বা ৩ বছৰৰ মূৰে মূৰেহে দেখা যায়। গতিকে ‘নীলা চন্দ্ৰ’ চাবলৈ সাজু হওঁক আপুনিও আৰু সাক্ষী হৈ ৰওক এক মহাজাগতিক পৰিঘটনাৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.