leatest updateঅসমগুৱাহাটীদৈনিক বাতৰিসংস্কৃতি

ৰাজ্যজুৰি কলাগুৰুক স্মৰণৰ বাবে চলোৱা হৈছে ব্যাপক প্ৰস্তুতি।

ধুবুৰীত অসম চৰকাৰে কেন্দ্ৰীয়ভাৱে আয়োজন কৰিছে ৰাভা দিৱসৰ কাৰ্যসূচী

কাইলৈ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি দিৱস। ৰাজ্যজুৰি কলাগুৰুক স্মৰণৰ বাবে চলোৱা হৈছে ব্যাপক প্ৰস্তুতি। এইবাৰ ধুবুৰীত অসম চৰকাৰে কেন্দ্ৰীয়ভাৱে আয়োজন কৰিছে ৰাভা দিৱসৰ কাৰ্যসূচী। ধুবুৰীত অনুষ্ঠিত হ’বলগীয়া ৰাভা দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে আয়োজন কৰা এই স্মৃতি দিৱসৰ অনুষ্ঠানতে প্ৰদান কৰা হ’ব সাংস্কৃতিক বঁটাসমূহো। উল্লেখ্য যে কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে ধুবুৰীলৈ যাব মুখ্যমন্ত্ৰী। ২১ জুনৰ দিনা ধুবুৰীত অনুষ্ঠিত হ’বলগীয়া যোগ দিৱসত অংশ ল’ব মুখ্যমন্ত্ৰীগৰাকীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.