অসমভাৰতৰাজনৈতিক

ইউক্ৰেইনৰ খাৰকিভত আবদ্ধ ভাৰতীয়ক উদ্ধাৰৰ বাবে ৰাছিয়াই দিলে ৬ ঘণ্টা সময়!

খাৰকিভত আবদ্ধ হৈ থকা ভাৰতীয়ক উলিয়াই অনাৰ বাবে ৬ ঘণ্টা পৰ্যন্ত যুদ্ধ স্থগিত ৰাখিবলৈ সাজু হৈছে ৰাছিয়া। এই সময়খিনিৰ ভিতৰত খাৰকিভত আবদ্ধ হৈ থকা ভাৰতীয়ক উলিয়াই অনাৰ ব্যবস্থা কৰিব ভাৰতে

ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধৰ আজি অষ্টম দিন। দিনে দিনে অধিক তীব্ৰতৰ হৈ পৰিছে যুদ্ধ। ইয়াৰ মাজতে ভাৰত চৰকাৰে ইউক্ৰেইনত আবদ্ধ হৈ থকা ভাৰতীয়ক সুৰক্ষিতভাৱে ওভতাই অনাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। তাৰ বাবে ভাৰতে ৰাছিয়াৰ লগত কৰিছে এক গুৰুত্বপূৰ্ণ চুক্তি।

চুক্তি অনুযায়ী খাৰকিভত আবদ্ধ হৈ থকা ভাৰতীয়ক উলিয়াই অনাৰ বাবে ৬ ঘণ্টা পৰ্যন্ত যুদ্ধ স্থগিত ৰাখিবলৈ সাজু হৈছে ৰাছিয়া। এই সময়খিনিৰ ভিতৰত খাৰকিভত আবদ্ধ হৈ থকা ভাৰতীয়ক উলিয়াই অনাৰ ব্যবস্থা কৰিব ভাৰতে।
ইউক্ৰেইনৰ চহৰ খাৰকিভত এতিয়াও সহস্ৰাধিক ছাত্ৰ–ছাত্ৰী আবদ্ধ হৈ আছে। কিন্তু তাত থকা ভাৰতীয়ক তাৰ পৰা উদ্ধাৰ কৰিবলৈ দিয়া হোৱা নাই বুলিও জানিব পৰা গৈছে।

ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে হোৱা বাৰ্তালাপত এই প্ৰসংগ উত্থাপন কৰে নৰেন্দ্ৰ মোদীয়ে। বুধবাৰে নিশা ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে বাৰ্তালাপ কৰে। মোদীয়ে ইউক্ৰেইনত আবদ্ধ ভাৰতীয়ক সুৰক্ষিতভাৱে ওভতাই অনাৰ প্ৰসংগ উত্থাপন কৰে। ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰী মোদীক সম্ভৱপৰ সকলো ধৰণৰ সহায় কৰাৰ বাবে প্ৰস্তুত বুলি জনাইছে।

উল্লেখ্য যে, খাৰকিভত ইউক্ৰেইন সেনাই ভাৰতীয় শিক্ষাৰ্থীক ঢাল হিচাপে ব্যৱহাৰ কৰি আছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.